এদিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব অখিল গগৈ!

এদিনৰ বাবে বিধায়ক অখিল গগৈক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত ভূমি পট্টা প্ৰদানক লৈ হোৱা আলোচনাত সৃষ্টি হোৱা বিৰ্তকত এই প্ৰস্তাৱ দিয়ে ড০ শৰ্মাই।

New Update
hgggsssfff

ডিজিটেল ডেস্কঃ এদিনৰ বাবে বিধায়ক অখিল গগৈক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত ভূমি পট্টা প্ৰদানক লৈ হোৱা আলোচনাত সৃষ্টি হোৱা বিৰ্তকত এই প্ৰস্তাৱ দিয়ে ড০ শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যৰ ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ বিষয়টোক লৈ সদনত সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ। অখিল গগৈক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতেহে ভূমিহীনক ভূমিপট্টা কেনেকৈ প্ৰদান কৰিব লাগে তাৰ গাইড লাইন আছে। গতিকে এই সকলোবোৰ দিশ পৰ্যালোচনা কৰি ভূমি পট্টা বিষয়টো আগবঢ়াই নিয়া হৈছে। সকলো লোককে ভূমি পট্টা প্ৰদান কৰাতো সম্ভৱ নহয়।

মুখ্যমন্ত্ৰীৰ এই উত্তৰৰ পাছতে পুনৰ সৰৱ হৈ পৰে অখিল গগৈ। অখিল গগৈক পুনৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে তেওক এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়ে। অখিল গগৈৰ মুখ্যমন্ত্ৰীৰ এই এদিনীয়া কাৰ্যকালত ভূমি পট্টা প্ৰদান আৰু সকলো ভূমি বেদখল কৰি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনাই ড০ শৰ্মাই।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক লৈ পাতলীয়া মন্তব্য কৰা বুলি উভতি ধৰে অখিল গগৈয়ে। অখিল গগৈক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, যদি মই উত্তৰ দিব নালাগে, আপোনালোকে কথা পাতক। মই কেবিনত গৈ অলপ আৰাম কৰো।

এনেদৰেই অধিৱেশনৰ আৰম্ভণিতে গৰম হৈ পৰে বিধানসভা। 

হিমন্ত বিশ্ব শৰ্মা