বিৰোধীৰ বৈঠকত হোৱা অথন্তৰক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া...

শনিবাৰৰ বিৰোধী ঐক্যৰ বৈঠকক লৈ বিধায়ক অখিল গগৈয়ে শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, পতি-পত্নীৰ মাজতো কাজিয়া হয়। কিন্তু এনেবোৰ যুক্তি তৰ্কৰ বাবে সম্পৰ্ক অধিক মুধৰহে হয়।

author-image
Asomiya Pratidin
New Update
ijijি

ডিজিটেল ডেস্কঃ  শনিবাৰৰ বিৰোধী ঐক্যৰ বৈঠকক লৈ বিধায়ক অখিল গগৈয়ে শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, পতি-পত্নীৰ মাজতো কাজিয়া হয়। কিন্তু এনেবোৰ যুক্তি তৰ্কৰ বাবে সম্পৰ্ক অধিক মুধৰহে হয়। গতিকে যিকোনো ব্যৱস্থাতে যুক্তি-তৰ্ক থাকিবই। তাৰ পৰাহে সম্পৰ্ক মজবুত হয়। এইবোৰ কথাক ইমান প্ৰচাৰ কৰি থকাৰ প্ৰয়োজন নাই।  

Advertisment

অখিল গগৈয়ে লগতে কয়- ২০২৬ত সকলো বিৰোধী একলগ হৈ বিজেপিক প্ৰতিহত কৰা হব। সেই কথাৰ লৈ নিশ্চিত থাকক। কিন্তু তাৰ পূৰ্বে আমি এখন বিশেষ কৰ্মসূচী বা নিয়মাৱলী প্ৰস্তুত কৰাটো ৰাইজৰ দলে কামনা কৰিছো। পাছত যাতে চৰকাৰ গঠন কৰাৰ পাছত এক মনোমালিন্য যাতে নহয়, তাৰ বাবে সকলো কাম নিয়াৰিকৈ হোৱাটো অতিকে জৰুৰী। 

বিজেপিক কটাক্ষ কৰি অখিল গগৈয়ে কয়- বিজেপিৰ ভিতৰতো তীব্ৰ কন্দল অব্যাহত আছে। কিন্তু এই কথাবোৰ সংবাদমাধ্যমে প্ৰচাৰ নকৰে। হিমন্ত বিশ্ব শৰ্মা লবী আৰু সভাপতি লবীৰ মাজত কি চলি আছে সেয়া আমি সকলোৱে জানো। গতিকে এই যুক্তি-তৰ্কবোৰ সকলোতে থাকে। 

শিৱসাগৰৰ বিধায়কগৰাকীয়ে লগতে আগন্তুক সময়ত বিজেপিক প্ৰতিহত কৰিবলৈ সকলো  ফালৰ পৰা ৰাইজৰ দলে সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ লগতে কয়, কংগ্ৰেছেও এই ক্ষেত্ৰত এৰা-ধৰাৰ মনোভাৱেৰে আগবাঢ়িব লাগে। 

অখিল গগৈ