/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8d804f02-e18f-4d3e-87a3-9808c17b24ab/akhil_21.jpg)
akhil gogoi
-
দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
-
দিল্লীৰ অসম ভৱনত মুখ্যমন্ত্ৰী ড০ শৰ্মাক সাক্ষাৎ বিধায়ক অখিল গগৈৰ।
-
এই সাক্ষাতৰ সময়ত সমষ্টি উন্নয়নৰ লগতে ৰাজ্যৰ বহু কেইটা বিষয়ৰ ওপৰত আলোচনা কৰাৰ কথা প্ৰকাশ।
-
বিধায়ক অখিল গগৈয়ে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পৰা কেইবাটাও প্ৰতিশ্ৰুতি আদায়াৰ কথাও প্ৰকাশ।
-
অখিল গগৈয়ে প্ৰকাশ কৰা মতে সাধাৰণ বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব শিৱসাগৰৰ প্ৰস্তাৱিত সমবায় বিশ্ববিদ্যালয়খন।
-
আনহাতে থাওৰা আৰু শিৱসাগৰ সমষ্টিৰ মাজত মেডিকেল কলেজ স্থাপনৰো প্ৰতিশ্ৰুতি আদায় মুখ্যমন্ত্ৰীৰ পৰা।
-
এই আলোচনাতে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠাৰ বাবে অধ্যয়নৰ বাবে পুঁজি মুকিল কৰি দিয়াৰ কথা প্ৰকাশ।
-
ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই মুকলি কৰি দিব ১ কোটি টকা।
-
ৰংঘৰৰ লাইট এণ্ড ছাউণ্ডৰ ব্যৱস্থাৰ বিষয়টোও স্থান পালে এই আলোচনাত।
-
সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা অখিল গগৈয়ে।
-
অসম ভৱনত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে বৈঠক অন্ত পৰাৰ পিছতে বিধায়ক গগৈয়ে সম্বোধন কৰে এই সংবাদ মেল।