/asomiyapratidin/media/media_files/2025/04/27/EllgeBLw94Wo7bXgXyLS.jpg)
ডিজিটেল ডেস্কঃ নিজে কোৱা মন্তব্যৰ বাবে মাজনিশা হাতযোৰ কৰি ক্ষমা খুজিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। শনিবাৰে মাজনিশা ফেচবুক লাইভত আহি দিনৰ ভাগত দিয়া এক মন্তব্যৰ বাবে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে গগৈয়ে।
দৰাচলতে অখিল গগৈয়ে যোৱা শনিবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল লখিমপুৰৰ নাওঁবৈচা সমষ্টিত। বিজেপিৰ কটাক্ষ কৰিবলৈ গৈ অখিল গগৈয়ে বক্তব্য ৰাখিছিল যে, BJP ক ভোট দিয়া মুছলমান সকলে নৰকত যাব আৰু BJPক ভোট দিয়া মুছলমান সকল কাফিৰ হয় ।- এই মন্তব্যৰ বাবে নিজে দুঃখিত বুলি মাজনিশা ফেচবুক লাইভত হাতযোৰ কৰি ক্ষমা খোজে অখিল গগৈয়ে।
অখিল গগৈয়ে ক্ষমা খুজি কয় যে, মোৰদৰে প্ৰগতিশীল আৰু যুক্তিবাদী এগৰাকী লোকে এই ধৰণৰ মন্তব্য কৰিব নালাগিছিল। মোৰ ভুল হৈছিল আৰু এই ভুলৰ বাবে মই সকলোৰে ওচৰত ক্ষমা ভিক্ষা কৰিছো। উল্লেখ্য যে, বিগত দিনকেইটাত উজনি অসমত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছে ৰাইজৰ দলৰ সভাপতিগৰাকী।