/asomiyapratidin/media/media_files/2025/05/01/Q51j7lxP0LoYLL31lVxN.jpg)
মধ্য অসমত ব্যাপক নিৰ্বাচনী প্ৰচাৰত নামিল অখিল গগৈ
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মধ্য অসমত ব্যাপক নিৰ্বাচনী প্ৰচাৰত নামিল বিধায়ক অখিল গগৈ। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য্যসূচী হিচাপে বৃহস্পতিবাৰে ধিং সমষ্টিৰ পৰা প্ৰচাৰ আৰম্ভ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।
বটদ্ৰৱা বাছ আস্থানৰ পৰা বাটমাৰী হৈ বলিকটিয়ালৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰে অখিল গগৈয়ে। "আমি ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িক শাসনৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছো। আমি ফেচীবাদী, দেশ বিক্ৰী কৰা, মূল্য বৃদ্ধিৰে দেশ ধংস কৰা চৰকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছো" বুলি মন্তব্য অখিল গগৈৰ। ৰাইজৰ দলৰ মূখপত্ৰ, ধিং সমষ্টিৰ নেতা মেহবুব মুক্তাৰক লগত লৈ এই বিশাল নিৰ্বাচনী ৰেলীত অংশ গ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।