ডিজিটেল ডেস্কঃ এইবাৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ উঠিল সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা। ৰাজনৈতিক অসামঞ্জস্যতা, সুবিধাবাদ তথা জুবিন গাৰ্গৰ কৰুণ মৃত্যুক ৰাজনীতিকৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যমত অখিল গগৈক ৰাজহুৱাভাৱে তিৰস্কাৰ কৰে বিমল বৰাই।
অসমীয়া মানুহৰ ৰাজনৈতিক সচেতনতাক তুচ্ছজ্ঞান নকৰিবলৈ মন্ত্ৰী গৰাকীয়ে অখিল গগৈক সকীয়াই দিয়ে। মন্ত্ৰী বৰাই লিখা পোষ্টটো তেনে ধৰণে উল্লেখ কৰা হ'ল- "অ’ই অখিল..(Akhil Gogoi মাননীয় বিধায়ক, শিৱসাগৰ বিধান সভা সমষ্টি) (মোৰ সহপাঠী বন্ধু) অসমখনত বহুত জনা-বুজা লোক আছে। মই জেবি কলেজৰ সাধাৰণ সম্পাদক হৈ থাকোতে তই কটনৰ আলোচনী সম্পাদক হ’বলৈ আছুৰ সমৰ্থন পাবলৈ মোক খাটনি জুৰিছিলি..
তেতিয়া মোক কৈছিলি সমুজ্জ্বলদাক এবাৰ কৈ দে… মোক Support কৰি দিবলৈ…মই তেতিয়া কৈছিলো মোক কথা দে যে তই আছুক গাদ্দাৰী নকৰো বুলি…তই কথা দিছিলি ..(কাৰণ সেই সময়ত যিয়েই আছুৰ সমৰ্থনত মহাবিদ্যালয়ৰ নিৰ্বাচনত জয়ী হয় …পৰৱৰ্তী সময়ত কংগ্ৰেছে টকাৰ বিনিময়ত ক্ৰয় কৰি লৈ যায়) মোৰ সহপাঠী হোৱাৰ সুবাদতে তোক সমৰ্থন দিবলৈ মই সমুজ্জ্বলদাক কাবৌ কোকালি কৰিছিলো..যদিও তই বাওঁপন্থীৰ শ্ৰুতলিপিত ইতিমধ্যেই চলা আৰম্ভ কৰিছিলি… কংগ্ৰেছক প্ৰতিহত কৰিবলৈকে তোক আছুয়ে কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সহায় কৰিছিল।
কাৰণ আছুৱে তোক বাওঁপন্থী বুলি জনা নাছিল অথবা ময়ো তই বাওঁপন্থীৰ শিৱিৰত যোগ দিছিলি বুলি জনা নাছিলো।
পৰবৰ্তী নিৰ্বাচনত আছুৰ সমৰ্থনত তই সাধাৰণ সম্পাদক হ’লি।আমাৰ (আছু) উদ্দেশ্য আছিল জাতিদ্ৰোহী কংগ্ৰেছক ছাত্ৰ ৰাজনীতিত প্ৰতিহত কৰা…
কিন্তু তই আজি কংগ্ৰেছৰ চুৱা চেলেকিবলৈ যেনেকে উদ্বাউল হৈ আছ..তোৰ এই কাৰ্যকলাপ দেখি তোৰ সহপাঠী হিচাপে আজীৱন কংগ্ৰেছ বিৰোধী স্থিতিত থকা মই নিজেই লজ্জ্বা অনুভৱ কৰিছো। কাৰণ যি কংগ্ৰেছে ধৰ্মৰ নামত আমাৰ দেশ বিভাজন (১৯৪৭)কৰিলে…হিন্দুস্তান -পাকিস্তান
যি কংগ্ৰেছে চীনা আক্ৰমণৰ সময়ত (১৯৬২)অসমৰ জনসাধাৰণক ৰক্ষা কৰিব নোৱাৰি তেতিয়াৰ কংগ্ৰেছৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল My heart goes to the people of Assam…
যি কংগ্ৰেছে Grow More Food আঁচনিৰে তেতিয়াৰ পূৱ পাকিস্তান (বৰ্তমানৰ বাংলেদেশ)ৰ মৈমনসিঙিয়া মিয়া আনি অসমত সংস্থাপিত কৰিছিল
যি কংগ্ৰেছে মিয়াৰ আগ্ৰাসানৰ পৰা অসমক ৰক্ষা কৰিবলৈ অসমীয়া ৰাইজে কৰা ছবছৰীয়া অসম আন্দোলনত অংশ গ্ৰহণ কৰা ৮৫৫ লোকক হত্যা কৰিছিল… হাজাৰ হাজাৰ অসমীয়া জীয়ৰী বোৱাৰীক যৌন নিৰ্যাতন চলাই ধৰ্ষিতা কৰাইছিল… হাজাৰ হাজাৰ লোকক পংগুত্বৰ জীৱন আঁকোৱালি লবলৈ বাধ্য কৰাইছিল…
যি কংগ্ৰেছে হাজাৰ হাজাৰ অসমীয়া যুৱকৰ গুপ্তহত্যা কৰিছিল, যি কংগ্ৰেছে ২০০১ চনৰ পৰা ২০১৫ চনলৈকে অসম শাসন কৰা সময়ছোৱাত সাধাৰণ এটা চৰকাৰী চাকৰি পাবলৈ শিক্ষিত যুৱক-যুৱতীক লাখ লাখ টকাৰ উপঢৌকন দিবলৈ বাধ্য কৰাইছিল… APSC ৰ দৰে সংস্থাক ভূ-লুণ্ঠিত কৰিছিল…
যি কংগ্ৰেছে ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক ভাৰত ৰত্ন প্ৰদানৰ সময়ত বিৰোধিতা কৰিছিল.. যি কংগ্ৰেছে
অসমত Semiconductor স্থাপনৰ বিৰোধিতা কৰিছে.. সেই কংগ্ৰেছৰ দয়াৰ পাত্ৰ হ’বলৈ তই ব্যাকুল হৈ অস্থিৰতা প্ৰদৰ্শন কৰা কাৰ্যত মই আশ্চৰ্যবোধ কৰিছো।
তই যেনেকুৱা আচৰণ প্ৰদৰ্শন কৰি আছ’… তই নাভৱিবি যে অসমখনত জনা-বুজা শিক্ষিত লোকৰ অভাৱ হৈছে… অসমখনত বহুত জনা-বুজা লোক আছে…..যদি অসমক ভাল পাৱ’ সঁচাকৈয়ে.. তোৰ এই মিয়া প্ৰীতি বন্ধ কৰ। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈ কৰা খেল খন বন্ধ কৰ, কাৰণ তেওঁ Politics নকৰিবা বন্ধু বুলি গান এটাও লিখি থৈ গৈছে…."
উল্লেখ্য যে, এই পৰ্যন্ত বিমল বৰাৰ কোনো অভিযোগ সন্দৰ্ভত প্ৰত্যুত্তৰ দিয়া নাই অখিল গগৈয়ে।