ডিজিটেল ডেস্কঃ বিৰোধী মিত্ৰজোঁটক লৈ এতিয়াও ওলোৱা নাই কোনো সমাধান। ৰাইজৰ দলৰ সভাপতি আৰু কংগ্ৰেছৰ মাজত মিলা নাই মিত্ৰতাৰ বহু অংক। এনে পৰিস্থিতিত বিৰোধীৰ এই মিত্ৰজোঁটক লৈ এতিয়া সৃষ্টি হৈছে ডাঙৰ প্ৰশ্নবোধক। মিত্ৰতাৰ নিমিলা অংকৰ মাজতে বৃহস্পতিবাৰে নিশাভাগত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে দিলে এটা আৱেগভৰা পোষ্ট।
নিজকে বিধানসভাতৰ লগতে সামাজিক-ৰাজনৈতিক জীৱনতো অকলশৰীয়া বুলি দুখ প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। ফেচবুক পেইজত অখিল গগৈয়ে লিখিছে এনেদৰে-
বিধান সভাত মই বৰ অকলশৰীয়া
আজি অসম বিধান সভাত চৰকাৰে কেইখনমান বিধেয়ক উত্থাপন কৰিছিল।মিচিং, তিৱা, ৰাভা,দেউৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদসমূহৰ নিৰ্বাচন অনিৰ্দ্দিষ্ট কাললৈ স্থগিত ৰাখি কাউন্সিলবোৰৰ ক্ষমতা ৰাজ্যপালৰ দ্বাৰা চৰকাৰৰ হাতলৈ অনাৰ প্ৰস্তাৱ দিছে।
আমি কৈছিলো, বিশেষ পৰিস্থিতিত এনেদৰে নিৰ্বাচন পিছুৱালেও তাৰো এটা নিৰ্দ্দিষ্ট সীমা থকা দৰকাৰ(আমি ৬ মাহ বুলি সংশোধন আনিছিলো)।কাৰণ আইন অনুসৰি নিৰ্বাচিত কাউন্সিলখনৰ কাৰ্যকাল ১ বছৰ বৃদ্ধি কৰিবই পাৰি। গতিকে প্ৰস্তাৱিত চৰকাৰলৈ ক্ষমতা প্ৰদান অতিৰিক্ত সময়হে।যদি চৰকাৰক এই ক্ষমতা অনিৰ্দ্দিষ্ট কাললৈ দিয়া হয় তেন্তে জনজাতিসকলৰ স্বশাসনৰ অৰ্থ নাথাকিব। ক্ষমতা বিকেন্দ্ৰীকৰণ অথবা ফেডাৰেল ব্যৱস্থা অৰ্থহীন হ’ব। মই শেষলৈকে মোৰ স্থিতিত আপোচহীন হৈ থাকিলো আৰু ভোটিং দাবী কৰিলো। মোক কোনেও সমৰ্থন নিদিলে আৰু শাসক দলৰ একাংশ বিধায়কে ভাল টিটকাৰি মাৰিলে।
মই এই জনজাতিসমূহৰ স্বায়ত্ত শাসন সংবিধানসন্মত হ’ব লাগে বুলি দাবী কৰিলো আৰু ৬ জনগোষ্ঠীৰ লগতে নাথ-যোগী আৰু কলিতাসকলক জনজাতিৰ মৰ্যাদা দি অসমৰ জনজাতি ৰাজ্য ঘোষণা কৰাৰ লগতে সংবিধানৰ ৩৭১ক অনুচ্ছেদ অনুসৰি অসমৰ বিশেষ ৰাজ্য দাবী কৰিলো।
দ্বিতীয়খন বিল আহিছিল পৌৰসভাৰ কৰ্মচাৰীসকলৰ চাকৰি প্ৰাদেশীকৰণ সম্পৰ্কত। কি অদ্ভূত বিধেয়ক! প্ৰাদেশীকৰণৰ পাছত কৰ্মচাৰীৰ দৰমহা আধা মানলৈ কমিব, পেন্সনো NPS অনুসৰিহে পাব, অৱসৰৰ পাছত পদসমূহো বিলোপ কৰি দিয়া হ’ব। ইয়াতো অকলে অকলে ভোটৰ দাবী কৰিলো। হাৰিলো। চৰকাৰী পক্ষৰ তাচ্ছিল্যত মন বেয়া কৰি অকলে অকলে ওলাই আহিলো।
বিধান সভাত মই বৰ অকলশৰীয়া। বোধহয় সামাজিক-ৰাজনৈতিক জীৱনতো!