গৌৰৱ গগৈক Expose কৰি দিলে অখিল গগৈয়েঃ মুখ্যমন্ত্ৰী...

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়কগৰাকীয়ে কৈছিল যে, যদিহে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সচাঁকৈয়ে লিংক আছে এয়া ডাঙৰ অপৰাধ।

author-image
Asomiya Pratidin
New Update
অখিল গগৈ চালাক মানুহঃ মুখ্যমন্ত্ৰীয়ে কিয় ক'লে এনেকৈ...

অখিল গগৈ চালাক মানুহঃ মুখ্যমন্ত্ৰীয়ে কিয় ক'লে এনেকৈ...

ডিজিটেল সংবাদ, মৈৰাবাৰীঃ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়কগৰাকীয়ে কৈছিল যে, যদিহে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সচাঁকৈয়ে লিংক আছে এয়া ডাঙৰ অপৰাধ। তাৰ বাবে তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হব পাৰে। অখিল গগৈৰ এই মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

অখিল গগৈৰ এই মন্তব্যৰ আঁত ধৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে,  গৌৰৱ গগৈয়ে নক'লে তেওঁ পাকিস্তান গৈছে নে নাই। কিন্তু অখিল গগৈয়ে কৈ দিলে। Basically অখিল গগৈয়ে Exposeকৰি দিলে যে,  গৌৰৱ গগৈ পাকিস্তান যোৱাটো খাটাং। অখিল গগৈ চালাক মানুহ। 
 
গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মৰিগাঁও মিকিৰ ভেটাত নিৰ্বাচনী সভাৰ অন্তত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  মৰিগাঁও সদৰ সমষ্টিৰ মিকিৰভেটা খেলপথাৰ প্ৰাংগনত আজি অনুষ্ঠিত হৈছিল বিজেপিৰ নিৰ্বাচনী সভা। মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰাম প্ৰসাদ সৰকাৰে সভাপতিত্ব কৰা নিৰ্বাচনী সভা খনত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে বিহু গাই ভাষণ আৰম্ভ কৰে। 

সভাখনত অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাঁহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে কেইবা জনো নেতা কৰ্মী উপস্থিত আছিল। সভা খনত মুখ্য মন্ত্ৰী জনে ভাষণ প্ৰসংগত কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। 

কংগ্ৰেছ চৰকাৰে বিগত দিন সমূহত লুঙী, সূতা, ধুতি আৰু আঠুৱা বিতৰণৰ ৰাজনীতি কৰি অহা বুলি কৈয়ো সমালোচনা কৰে।  কংগ্ৰেছৰ পঞ্চম ৰীতি আছিলে লুঙি, ধুতি, সূতা, আঠুৱা আৰু কম্বল কিন্তু বিজেপিৰ পঞ্চম ৰীতি হ'ল অৰুণোদয়। এইবুলি কৈও সমালোচনা কৰে কংগ্ৰেছক।

ৰমাকান্ত দেউৰী শিৱসাগৰ ড০ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ