ডিজিটেল ডেস্কঃ ,"অসমৰ পৰা ৩ হাজাৰ কোটি টকা লুটি নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাড়খণ্ডৰ নিৰ্বাচনত খৰচ কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ ভুল কৌশলৰ বাবে ঝাড়খণ্ডত বেয়াকৈ হাৰিছে বিজেপি ৷" উপ-নিৰ্বাচনৰ ফলাফলৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য় কৰি লৈছে বিধায়ক অখিল গগৈয়ে।
সোমবাৰে শিলচৰত উপস্থিত হৈ এখন সংবাদমেলত অংশ লয় বিধায়ক গগৈয়ে। সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতিগৰাকী। তেওঁ কয় যে,কেন্দ্ৰীয় নেতা হোৱাৰ সপোন পূৰণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই অসমত লুন্ঠন চলাইছে৷ অসমৰ পৰা হাজাৰ হাজাৰ কোটি টকা লুটি দিল্লীত জমা দিছে হিমন্ত বিশ্বই ৷
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক চাপত ৰাখিবলৈ অমিত শ্বাহে মাজে মাজে অসমৰ মুখ্যমন্ত্ৰীক ব্যৱহাৰ কৰে বুলি মন্তব্য় কৰে অখিল গগৈয়ে। তেওঁ আৰু কয়, এইবাৰ ঝাড়খণ্ডতো এনেদৰে হিমন্ত বিশ্ব শৰ্মাক ব্যৱহাৰ কৰিছিল অমিত শ্বাহে ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে ফেইল মাৰিছে ৷ হিমন্তৰ ভুল কৌশলৰ বাবে ঝাড়খণ্ডত বেয়াকৈ পৰাজিত হৈছে বিজেপি ৷
অসমৰ পৰা হাজাৰ কোটি টকা লুটি হিমন্ত বিশ্বই দিল্লীত জমা দিছেঃ অখিল গগৈ
হিমন্ত বিশ্ব শৰ্মাৰ ভুল কৌশলৰ বাবে ঝাড়খণ্ডত বেয়াকৈ হাৰিছে বিজেপি ৷" উপ-নিৰ্বাচনৰ ফলাফলৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য় কৰি লৈছে বিধায়ক অখিল গগৈয়ে।
Follow Us