বিজেপিয়ে লীজত ল’লে অগপকঃ কটাক্ষ অখিল গগৈৰ...

বিজেপিয়ে লীজত ল’লে অগপকঃ কটাক্ষ অখিল গগৈৰ...

author-image
Asomiya Pratidin
New Update
বিজেপিয়ে লীজত ল’লে অগপকঃ কটাক্ষ অখিল গগৈৰ...

ডিজিটেল ডেস্কঃ কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ আতঁৰাই নিয়াতো অগপ দলৰ বাবে অপমান জনক ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ কাজিৰঙাত এক সংবাদ মেলযোগে অখিল গগৈয়ে মন্তব্য কৰে যে কেশৱ মহন্তই স্বাস্থ্য বিভাগটো সুন্দৰভাৱে চলাই থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৰা এই অপমানৰ বিৰুদ্ধে দলৰ সভাপতি, কাৰ্যকৰী সভাপতিৰ লগতে দলৰ বিষয়ববীয়া সকলে প্ৰতিবাদ কৰা উচিত আছিল ৷ কিন্তু নোৱাৰে ৷ কাৰণ বিজেপিয়ে ইতিমধ্যে লীজত ল’লে অগপক৷

Advertisment

আনহাতে অখিল গগৈৰ মন্তব্য যে বিজেপি নেতৃত্বাধীন চৰকাৰ খনত এজনেই মন্ত্ৰী আৰু এজনেই বিধায়ক ৷ এই বি এচ কোম্পানী প্ৰায়ভেট লিমিটেড নামেৰে চৰকাৰক নামকৰণ কৰি অখিল গগৈয়ে মন্তব্য কৰে যে শিক্ষাৰ বাহিৰে প্ৰায় সকলোবোৰ গুৰুত্বপূৰ্ণ বিভাগেই আছে হিমন্তবিশ্ব শৰ্মাৰ হাতত ৷

এতিয়া স্বাস্থ্য বিভাগটো লোৱা পাছত বাহিৰত থাকিল কেৱল শিক্ষা ৷ তদুপৰি ৰাজ্যত কলেৰাৰ পাদুৰ্ভাৱৰ সময়ত এগৰাকী সক্ৰিয় মন্ত্ৰীক আঁতৰাই দিয়াতো সমিচিন হোৱা নাই বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

বিধায়ক গৰাকীৰ মতে স্বাস্থ্য বিভাগটো আগতীয়াকৈ মুখ্যমন্ত্ৰীৰ হাতলৈ নি সংৰক্ষণ কৰিছে বিহালীৰ সাম্ভাৱ্য প্ৰাৰ্থী পল্লৱলোচন দাসৰ বাবে৷ ইফালে ৰাজ্যত উপ-নির্বাচন অনুষ্ঠিত নহ’বও পাৰে বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ৷

bjp akhil gogoi