ডিজিটেল ডেস্কঃ "গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি অভিযোগ কৰাৰ দৰে অখিল গগৈ ৰাজনৈতিকভাৱে অস্থিৰ নহয়, ৰাজনৈতিকভাৱে অস্থিৰ গৌৰৱ গগৈহে। ২০২৬তেই মুখ্যমন্ত্ৰী হোৱাৰ সপোনত বিভোৰ হৈ আপুনি বিজেপিক ৰাজনৈতিকভাৱে শত্ৰুতা নকৰি বিৰোধী দলসমূহকহে বিশ্বাসঘাটকতা কৰিছে।" গৌৰৱ গগৈ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে।
অখিল গগৈয়ে লগতে উল্লেখ কৰে, "‘২৬ৰ বিধানসভা নিৰ্বাচনত আপোনাৰ দলৰ বন্ধু দলসমূহক আসন কমকৈ এৰি দিবলৈ আপুনি পঞ্চায়ত নিৰ্বাচনত বিৰোধীক ঐক্যৱদ্ধ হোৱাত বাধা দিছে। বিজেপিৰ বিৰুদ্ধে নহয়, বিৰোধী দলসমূহক আপুনি শত্ৰু গণ্য কৰিছে। শিৱসাগৰ সমষ্টিৰ সকলো জিলা পৰিষদতে আপুনি ৰাইজৰ দলৰ বিৰুদ্ধে প্ৰাৰ্থী দিছে। শিৱসাগৰৰ ৰংপুৰ জিলা পৰিষদত আপুনি সংখ্যালঘু প্ৰাৰ্থী তুলি ৰাইজৰ দলক পৰাজিত কৰি বিজেপিক জয়ী কৰাব খুজিছে। মুখ্যমন্ত্ৰী হোৱাৰ সপোনত আপুনি আদৰ্শ পাহৰি গৈছে" বুলিও উল্লেখ কৰে অখিল গগৈয়ে।
"২০২৬তেই মুখ্যমন্ত্ৰী হোৱাৰ সপোনত বিভোৰ গৌৰৱ গগৈ"
অখিল গগৈয়ে লগতে উল্লেখ কৰে, "‘২৬ৰ বিধানসভা নিৰ্বাচনত আপোনাৰ দলৰ বন্ধু দলসমূহক আসন কমকৈ এৰি দিবলৈ আপুনি পঞ্চায়ত নিৰ্বাচনত বিৰোধীক ঐক্যৱদ্ধ হোৱাত বাধা দিছে। "
গৌৰৱ গগৈহে ৰাজনৈতিকভাৱে অস্থিৰ