অখিল গগৈৰ মূৰত মাল নাইঃ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কটাক্ষ...

নিজৰ মন্তব্যৰ বাবে সদায়েই বিৰ্তকত থাকে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মী। নকবলগীয়া কিছু অসাংবিধানিক শব্দ কৈ প্ৰায়ে বিৰ্তকৰে সাঙুৰ খাই পৰা বিজেপি বিধায়কগৰাকীয়ে এই কটাক্ষ

author-image
Asomiya Pratidin
New Update
zkkkhjh

ডিজিটেল ডেস্কঃ নিজৰ মন্তব্যৰ বাবে সদায়েই বিৰ্তকত থাকে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মী। নকবলগীয়া কিছু অসাংবিধানিক শব্দ কৈ প্ৰায়ে বিৰ্তকৰে সাঙুৰ খাই পৰা বিজেপি বিধায়কগৰাকীয়ে এই কটাক্ষ কৰিলে অখিল গগৈক।  কিছুদিনৰ পূৰ্বে ঝুমুৰই বিনন্দিনীত অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যেৰে অহা প্ৰায় ৬হাজাৰ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাৰ পৰা বঞ্চিত হোৱা বিষয়টোক লৈ অখিল গগৈক তীব্ৰ কটাক্ষ কৰিলে ৰূপজ্যোতিয়ে। 

Advertisment
ঝুমুইৰৰ বাবে ৬ হাজাৰ শিক্ষাৰ্থী পৰীক্ষাৰ পৰা বঞ্চিত হোৱা বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়  যে, অখিল গগৈৰ মূৰত মাল নাই। অখিল গগৈৰ মন্তব্যই চাহ জনগোষ্ঠীক অপমান কৰিছে। চাহ বাগানত সোমাবলৈ দিব নালাগে অখিল গগৈক।
শিৱসাগৰৰ বিধায়কগৰাকীক এনেদৰে কোৱাৰ পাছতে জাঙুৰ খাই উঠিছে ৰাইজৰ দল।  এয়া মিছা তথ্য নেকি বুলি ৰাইজৰ দলে উভতি ধৰিছে মৰিয়নীৰ বিধায়কগৰাকীক। উল্লেখ কৰা প্ৰয়োজন যে, দুদিনৰ পূৰ্বে ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক মৰিয়নীত নিৰ্বাচন খেলি জিকি দেখাবলৈ প্ৰত্যাহ্বান জনাইছিল। 
অখিল গগৈ