/asomiyapratidin/media/media_files/2025/02/23/LJJdlmV8nEA9Y3mXlwnM.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধ তুংগত উঠিছে। সদনত মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ পত্নী আৰু তেওঁৰ ঘৰক লৈ কেলেংকাৰী আছে বুলি মন্তব্য দিয়াৰ পাছতে জাঙুৰ খাই উঠিছিল বিধায়কগৰাকী। তাৰ এদিনৰ পিছতে পত্নীৰ চাকৰি আৰু ঘৰৰ কিনা প্ৰসংগক লৈ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল অখিল গগৈয়ে।
শেহতীয়াকৈ এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, অখিল গগৈৰ পত্নীয়ে HSত দ্বিতীয় বিভাগহে পাইছিল। এই কথা এতিয়া ৰাইজেই কৈ আছে।’ বিষয়টোক লৈ বিধায়ক অখিল গগৈ আৰু তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে তদন্ত বিচৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় তেওঁ নিজেহে নিজৰ তদন্ত কৰিব লাগে।
হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতেই এই অনিয়মৰ কথা জানিছিল বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে। একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো গীতাশ্ৰী তামুলীয়ে কোনো সোণৰ পদক পোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোণৰ পদক দিয়া ব্যৱস্থাই নাছিল।
গতিকে তদন্তৰ কোনো দৰকাৰ নাই, সকলো কথা জলজল পটপট হৈ আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক নৈতিকভাৱে নিজৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পিছতে পুনৰ জাঙুৰ খাই উঠে অখিল গগৈ। মুখ্যমন্ত্ৰীক উদ্দেশ্যি অখিল গগৈয়ে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে দিয়ে কেইবাটাও পোষ্ট।
অখিল গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দ্যেশি কয়- মুখ্যমন্ত্ৰীয়ে মিছা অপবাদ দি ধৰা পৰিল আৰু এতিয়া পলাব খুজিছে। এইবাৰ পলাবলৈ দিয়া নহ’ব। নৈতিকতাৰ কথা ক’ৰ পৰা আহিল? কেলেংকাৰী কৰিছো যদি তদন্ত কৰি আমাক শাস্তি দিয়াটোহে মুখ্যমন্ত্ৰীৰ কাম। এই পোষ্টটো দিয়াৰ পিছতে পুনৰ অখিল গগৈয়ে আন এটা পোষ্ট দিয়ে এনেদৰে- Challenge accepted বুলি বৰমতা দেখুৱাই এতিয়া নেজ দাঙি পলাইছে।আমাক তদন্ত লাগে। নহ’লে ক্ষমা খোজক।
মুখ্যমন্ত্ৰীয়ে নিজেই নিজক তদন্ত কৰক বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কয়- ৰাকেশ পালে তেন্তে এপিএছচি কেলেংকাৰীৰ তদন্ত নিজেই কৰিব লাগিব! যদিহে মুখ্যমন্ত্ৰীৰ নিয়মত তদন্ত হ’ব লাগে।
এনেকৈয়ে এতিয়া তুংগত উঠিছে অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us