ডকমকাৰ কাছজানত অখণ্ড যজ্ঞ কাৰ্যসূচীৰ শুভাৰম্ভ

কাৰ্বি আংলং জিলাৰ ডকমকা অঞ্চলৰ কাছজানত অৱস্থিত মা দুৰ্গা মন্দিৰত বুধবাৰৰ পৰা ৯ দিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে অখণ্ড যজ্ঞৰ শুভাৰম্ভ কৰা হয় । পুৱাৰ কাৰ্যসূচী অনুযায়ী গংগা আহ্বান কৰি নদীৰ ঘাটলৈ গৈ পূজাৰ ঘটত পানী তুলি অনা হয় ।

author-image
Asomiya Pratidin
New Update
ডকমকাৰ কাছজানত অখণ্ড যজ্ঞ কাৰ্যসূচীৰ শুভাৰম্ভ

ডকমকাৰ কাছজানত অখণ্ড যজ্ঞ কাৰ্যসূচীৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ডকমকা অঞ্চলৰ কাছজানত অৱস্থিত মা দুৰ্গা মন্দিৰত বুধবাৰৰ পৰা ৯ দিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে অখণ্ড যজ্ঞৰ শুভাৰম্ভ কৰা হয় । পুৱাৰ কাৰ্যসূচী অনুযায়ী গংগা আহ্বান কৰি নদীৰ ঘাটলৈ গৈ পূজাৰ ঘটত পানী তুলি অনা হয় ।

Advertisment

ইয়াৰ পাছতেই ধৰ্মীয় ৰীতি-নীতিৰে পূজা পাঠ কৰি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা মা দুৰ্গা মন্দিৰৰ দ্বাৰৰ শুভ উদ্ঘাটন কৰে পণ্ডিত পৰশুৰাম উপাধ্যায়ে । দিনৰ ভাগৰ পৰা মাংগলিক নিয়মৰ অধীনত পূজা আৰু মহা জ্ঞান অখণ্ড যজ্ঞৰ কাৰ্যসূচী অব্যাহত ৰাখে ।

ইয়াৰোপৰি ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰত্যেক দিনাই মাংগলিক পূজা, চণ্ডী পাঠ আৰু মহা জ্ঞান অখণ্ড যজ্ঞৰ পবিত্ৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব । ইপিনে সমগ্ৰ বিশ্ব শান্তি আৰু সনাতন ধৰ্মৰ ৰক্ষাৰ হেতুকে আয়োজন কৰা মহা জ্ঞান অখণ্ড যজ্ঞত সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰে আয়োজক সমিতিয়ে ।

হাওৰাঘাট