'মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই' এইটোনো কি বস্তু কোৱাচোন...

'মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই' এইটোনো কি বস্তু কোৱাচোন...

author-image
Asomiya Pratidin
New Update
'মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই' এইটোনো কি বস্তু কোৱাচোন...

ডিজিটেল ডেস্কঃ এয়া আকাশবাণী গুৱাহাটী। আমাৰ কাণত মৃদুভাৱে গুঞ্জৰিত হোৱা এয়া যেন এক শব্দৰ ঝংকাৰ। দূৰ-দূৰণিৰ পৰা ভাঁহি অহা এই শব্দকেইটা অসমীয়াৰ কিমান যে প্রাণৰ আপোন! আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্রতিজন শ্রোতাই অনুভৱ কৰে এই শব্দকেইটাৰ প্রতি আত্মিক টান।

Advertisment

আজি ১ জুলাই। আজিৰ দিনটো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে বিশেষ তাৎপর্যপূর্ণ দিন। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্রতিষ্ঠা দিৱস। আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্রতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱস।

আকাশবাণী গুৱাহাটী হ’ল প্ৰচাৰ ভাৰতীৰ অন্তৰ্গত আকাশবাণীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অনাতাঁৰ সম্প্ৰচাৰণৰ ক্ষেত্ৰীয় কেন্দ্ৰ। ১৯২৭ চনৰ ২৩ জুলাই তাৰিখৰ পৰা ভাৰতবৰ্ষত অনাতাঁৰ প্ৰচাৰণ সেৱাৰ পাতনি মেলিছিল। ইণ্ডিয়ান ব্ৰ’ডকাষ্টিং কোম্পানী নামৰ এটা ব্যক্তিগত খণ্ডৰ উদ্যোগত মুম্বাইত ভাৰতৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয় আৰু সেই বছৰৰে ২৬ আগষ্টৰ পৰা কলিকতা কেন্দ্ৰযোগেও সংগঠিত ৰূপত অনাতাঁৰ প্ৰচাৰণ কাৰ্য আৰম্ভ হয়।

ভাৰতে স্বাধীনতা লাভ কৰাৰ এঘাৰ মাহৰ পাছত ১৯৪৮ চনৰ ১ জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয়। আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী নাম দিয়া কেন্দ্ৰটোক ১৯৫৩ চনত আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয়। প্রথমাৱস্থাত আছিল শ্বিলং অসমৰ ৰাজধানী আৰু গুৱাহাটী আছিল সাহিত্য-সংস্কৃতিৰ প্রাণকেন্দ্র।

গুৱাহাটী অনাতাঁৰ কেন্দ্র উদ্বোধন কৰিছিল মৌলানা মহম্মদ তৈয়বুল্লাই আৰু শ্বিলং কেন্দ্র উদ্বোধন কৰিছিল তদানীন্তন মুখ্যমন্ত্রী গােপীনাথ বৰদলৈয়ে। আব্দুল মালিক, ভূপেন হাজৰিকা, বীৰেন্দ্ৰ ৰাম ফুকন, ফণী তালুকদাৰ, সত্য প্ৰসাদ বৰুৱা আদি স্বনামধন্য লোকসকলৰ তত্বাৱধান তথা পৰিচালনাত গুৱাহাটী কেন্দ্ৰটি ঠন ধৰি উঠে।

আৰম্ভণিৰে পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই ভালেসংখ্যক মৰ্যাদাপূৰ্ণ আৰু মনোগ্ৰাহী অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে। অসমৰ শিক্ষা-সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, কৃষি, শিশু, যুৱ-সমাজ, মহিলা, স্বাস্থ্য, ক্ৰীড়া আদি সকলো দিশকে সামৰি পৰিৱেশন কৰা অনুষ্ঠানসমূহ অসমীয়া জাতীয় আৱেগ জড়িত বুলি কোৱা হয়।

ৰাতিপুৱা ভক্তিমূলক গীত বন্দনাৰে আৰম্ভ হোৱা কাৰ্যক্ৰমণিকাত অমৃতবাণী, বিদ্যাৰ্থীৰ অনুষ্ঠান, লোক সংগীতৰ অনুষ্ঠান, গীতিমালিকা, সুগম সংগীতৰ অনুষ্ঠান, অকণিৰ মেল, কল্পতৰু, আইদেউৰ বুলনি, চিত্ৰগীত আদি ভিন্ন স্বাদৰ অনুষ্ঠান অন্তৰ্ভুক্ত। সম্প্ৰতি আকাশবাণী গুৱাহাটীয়ে তিনিটা সম্প্ৰসাৰণসূচীত অনুষ্ঠানসমূহ পৰিৱেশন কৰে। যুৱবাণী, নিয়োগ বাৰ্তা, খেতিৰ দিহা, সমাধান, এই মাহৰ অতিথি, ৰং বিৰং, মাটিৰ গান আদি অনুষ্ঠানবোৰ কেন্দ্ৰটোৰ একো একোটা অনবদ্য অনুষ্ঠান।

আইদেউৰ বুলনি, সাহিত্য চ’ৰা, আজি পুৱা, দেওবৰীয়া নাটক, বুধবৰীয়া নাটক, অকণিৰ মেল, গীতি মালিকা, যুৱবাণী, কল্পতৰু, নতুন দিগন্ত আদি অনুষ্ঠান আৰু বাতৰি ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় আৰু সমাদৃত। জনপ্রিয় কালজয়ী নাটসমূহ প্ৰচাৰ কৰি আকাশবাণী গুৱাহাটী কেন্দ্রই জনমানসত অধিক মৰম আৰু সুকীয়া মর্যাদা লভিবলৈ সক্ষম হৈছে।

আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান শিল্পী সকলৰ গীত বাণীবদ্ধ কৰি ৰাজ্যখনৰ শ্ৰোতাক শুনিবলৈ সুবিধা দি আহিছে। অসমৰ আগশাৰীৰ কণ্ঠশিল্পী যেনে ভূপেন হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, বীৰেন্দ্ৰনাথ দত্ত, দিলীপ শৰ্মা, সুদক্ষিনা শৰ্মা, দিপালী বৰঠাকুৰ, ৰামেশ্বৰ পাঠক, জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, অপূৰ্ব বেজবৰুৱা, পুলক বেনাৰ্জী, অণিমা চৌধুৰী, প্ৰতিমা বৰুৱা পাণ্ডে, ডলী ঘোষ আদিয়ে আকাশবাণীত গীত পৰিৱেশন কৰি জনতাৰ কাষ চাপিব পাৰিছিল।

আকাশবাণী গুৱাহাটী কেন্দ্ৰ অসমৰ এক আপুৰুগীয়া সম্পদ। এই সম্পদক সুৰক্ষিত কৰি ৰখাতো, ৰক্ষণাবেক্ষণ দিয়াতো প্ৰতিজন অসমীয়াৰ পৱিত্ৰ কৰ্তব্য আৰু দায়িত্ব। সাফল্যৰ সোণোৱালী যাত্ৰাৰে আগুৱাই গৈ থাকক এই অনুষ্ঠানটি। দীৰ্ঘজীৱী হওক আকাশবাণী গুৱাহাটী কেন্দ্ৰ...

Also Read: বঙাইগাঁও হত্যাকাণ্ডৰ নতুন মোৰ: অবৈধ সম্পৰ্কৰ সন্দেহত ছুপাৰী কিলাৰৰ হতোৱাই স্বামীক হত্যা পত্নীৰ...

Akashvani