/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
ডিজিটেল ডেস্কঃ বঙাইগাঁৱৰ পঞ্চায়ত সচিবৰ হত্যাকাণ্ডৰ নতুন মোৰ। চুপাৰী কিলাৰৰ হতুৱাই পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক হত্যা কৰিছিল পত্নীয়ে। ইতিমধ্যে হত্যাকাণ্ডৰ সৈতে জড়িত ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
পঞ্চায়ত সচিব চন্দকান্ত দাসক পৰিকল্পিতভাবে হত্যা কৰিছিল পত্নী নিলীমা কছাৰী আৰু খুলশালীয়ে বিনীমা বসুমতাৰী আৰু ভতিজাক মনোজ বসুমতাৰীয়ে। চন্দ্ৰকান্ত দাসৰ এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত হত্যা কৰে পত্নীয়ে।
৩লাখ টকাৰ বিনিময়ত পত্নী নিলীমা কছাৰীয়ে হত্যা কৰাইছিল স্বামীক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাগ্ৰা নাৰ্জাৰী, জুনেল দৈমাৰীক, জ্যোতিষ দৈমাৰীক, নুকুল ইশ্বৰীক। গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত আছে প্ৰাক্তন এনডিএফবি ৰ সদস্যও। ইতিমধ্য আৰক্ষীয়ে ঘটনাত ব্যৱহৃত পিষ্টল, সক্ৰিয় গুলী, এন দুচকীয়া বাহন এখন ব'লেৰ বাহন জব্দ কৰিছে।
উল্লেখযোগ্য যে ২৬ জুনত বঙাইগাঁৱৰ এখন চাহৰ হোটেলত গুলীয়াই হত্যা কৰিছিল বঙাইগাঁৱৰ ছিপনছিলা পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক। হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছিল দুৰ্বৃত্ত।
Also Read: ১৭খন ৰাজ্যত প্ৰৱল বৰষুণৰ আগজাননী: অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি