শিৰোমণি আকালি দলৰ নেতা বিক্ৰম মাজিঠিয়াক গ্ৰেপ্তাৰ...

প্ৰাপ্ত তথ্য অনুসৰি, তদন্তৰ পিছত আৰক্ষীয়ে তেওঁৰ পৰা ৫০০ কোটি টকাৰ লেনদেনৰ নথি-পত্ৰ জব্দ কৰিছে। লগতে শ্বেল কোম্পানীৰ পৰা প্ৰায় ১৫০ কোটি টকা আয়ৰ প্ৰমাণ পাইছে তদন্তকাৰী দলটোৱে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্কঃ   পঞ্জাৱৰ ভাগৱত মান চৰকাৰৰ নিৰ্দেশত শিৰোমণি আকালি দলৰ নেতা বিক্ৰম মাজিঠিয়াক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে। মাজিঠিয়াৰ অমৃতসৰস্থিত ঘৰ আৰু অন্য ২৫টা স্থানত অভিযান চলোৱা পাছতে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীক।

Advertisment

প্ৰথমতে তদন্তকাৰী সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছিল যদিও পাছলৈ গ্ৰেপ্তাৰ সন্দৰ্ভত কয় যে, ২০০১ চনৰ ড্ৰাগছ গোচৰত বিক্ৰম মাজিঠিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, তদন্তৰ পিছত আৰক্ষীয়ে তেওঁৰ পৰা ৫০০ কোটি টকাৰ লেনদেনৰ নথি-পত্ৰ জব্দ কৰিছে। লগতে শ্বেল কোম্পানীৰ পৰা প্ৰায় ১৫০ কোটি টকা আয়ৰ প্ৰমাণ পাইছে তদন্তকাৰী দলটোৱে। 

তাৰোপৰি মাজিঠিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত বিশেষ তদন্তকাৰী দলে এক প্ৰতিবেদন দাখিল কৰিছে। এক প্ৰতিবেদনত প্রাক্তন কেবিনেট মন্ত্রী তথা এছ এ ডিৰ নেতা বিক্রম সিং মাজিঠিয়া আৰু তেওঁৰ পত্নী গনিভে কৌৰৰ ৫৪০ কোটিৰো অধিক মূল্যৰ অবৈধ সা-সম্পত্তিৰ এক বৃহৎ গোচৰ উন্মোচিত হৈছে ৷

তদন্তৰ অন্তত এছ আই টিৰ দলটোৱে সংবাদ মাধ্যমৰ আগত কয় যে, মাজিঠিয়াই নিজৰ প্ৰভাৱ আৰু পদবীৰ অপব্যৱহাৰ কৰি অবৈধ উপায়েৰে অপৰিসীম ধন-সম্পত্তি অৰ্জন কৰিছে। এছ আই টিৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০০৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত মাজিঠিয়াৰ আয় আৰু সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে।

এই সম্পত্তিৰ কোনো বৈধ উৎস পোৱা নাই বুলিও দাবী কৰিছে তদন্তকাৰী দলটোৱে। লগতে মাজিঠিয়াই পৰিচালনা কৰা কোম্পানী আৰু শ্বেল ফাৰ্মৰ জৰিয়তে নগদ ধনৰ লেনদেন, বিদেশী বিনিয়োগ আৰু বেনামি সম্পত্তি ক্ৰয় কৰা হৈছিল, যিবোৰ আয়কৰ ৰিটাৰ্ণত বা বেংক ষ্টেটমেণ্টতও উল্লেখ কৰা হোৱা নাই বুলি জানিবলৈ দিছে তদন্তকাৰী দলটোৱে।

পঞ্জাৱ