ৰঙাপৰাত AJYCP-ৰ শোণিতপুৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন....

ৰঙাপৰাৰ বৰজুলি সমূহীয়া শ্ৰমিক কল্যাণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ৰঙাপৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰঙাপৰাবাসী ৰাইজৰ সহযোগত জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈছিল ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  ৰঙাপৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ একবিংশতিতম্ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে । ৰঙাপৰাৰ বৰজুলি সমূহীয়া শ্ৰমিক কল্যাণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ৰঙাপৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰঙাপৰাবাসী ৰাইজৰ সহযোগত জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈছিল ।

এই উপলক্ষে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণৰ পিছতে বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই নতুনকৈ গঠন হ’বলগীয়া শোনিতপুৰ জিলা সমিতিৰ বহুতো কৰনীয় আছে বুলি কয় ৷ 

শোণিতপুৰ জিলা সমিতিৰ সভাপতি নৃপেন চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সাহিত্য সম্পাদক সুজিৎ কটকী, প্ৰচাৰ সম্পাদক বিশ্বজিৎ কলিতা, কাৰ্যনিৰ্বাহক সদস্য উপেন্দ্ৰ কুমাৰ নাথ, জাতীয় মহিলা পৰিষদৰ জিলা সভানেত্ৰী সৰলা বৈশ্য আদি উপস্থিত থাকে।

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ