ডিজিটেল সংবাদ,বেবেজীয়াঃ অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ দ্বাবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ শনিবাৰে নিশা সামৰণি পৰে। ২ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অধিবেশনৰ আজি অন্তিম দিনা পুৱা দক্ষিণপাট অঞ্চলত এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়।
বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ দক্ষিণপাট অঞ্চল উদ্ভাসিত কৰি তোলে। সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই।
শোভাযাত্ৰাত অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি লৱকান্ত শৰ্মা,কাৰ্যকৰী সভাপতি প্ৰতাপ সিংহ,সম্পাদক ক্ষিতীশ দাস, নৱজ্যোতি বৰা,পৰিষদৰ জিলা সভাপতি প্ৰাগজ্যোতিষ বণিয়াকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সন্ধিয়া আঠ বজাত জিলা সভাপতি প্ৰাগজ্যোতিষ বণিয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত পৰিষদৰ দৃষ্টিভংগী ব্যাখ্যা কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে।
জিলা সাধাৰণ সম্পাদক দেৱাশীষ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত উদ্ধোধক হিচাপে অংশগ্ৰহণ কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইয়ে কয় যে, শেহতীয়া ভাবে অসম চৰকাৰে বটদ্ৰৱা আৰু বৰপেটা সত্ৰ অঞ্চলৰ ভুমি সংশ্লিষ্ট অঞ্চলৰ বাসিন্দাৰ বাহিৰে অন্য লোকে ক্ৰয় কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি এখন আইন প্ৰণয়ন কৰিছে।
এই পদক্ষেপক অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে আদৰণি জনাইছে। কাৰণ বটদ্ৰৱা,বৰপেটাকে ধৰি অসমৰ সত্ৰ সমুহত অসমীয়া জাতিৰ আবেগ জড়িত হৈ আছে আৰু ই জাটিটোৰ স্বাভিমান। তেওঁ লগতে কয় যে অসমৰ চহৰ অঞ্চলৰ প্ৰায় ৩৫-৪০ শতাংশ আৰু গ্ৰামাঞ্চলৰ ১৫-২০ শতাংশ মাটিৰ মালিকীস্বত্ব বহিৰাগতৰ হাতলৈ গুচি গৈছে।
বিগত ১০-১২ বছৰত বহিৰাগতৰ অসমৰ ভূমি ক্ৰয়ৰ হাৰ বৃদ্ধি পোৱাটো উদ্বেগজনক। পিতৃ পুৰুষৰ মাটিখিনিও যদি খিলঞ্জীয়া অসমীয়াৰ হাতত নাথাকে ,তেন্তে অসমীয়াৰ পৰিচয় ক'ত থাকিব। জাতি আৰু ভেটি ৰক্ষা কৰিবলৈ হলে বহিৰাগত লোকক অবাধে মাটি ক্ৰয় কৰাত নিয়ন্ত্ৰণ কৰিব লাগিব আৰু এইয়া কেৱল চৰকাৰৰ দ্বাৰাহে সম্ভৱ হ’ব।
সভাত পৰিষদৰ বিষয়ববীয়াৰ লগতে বিভিন্ন সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। সভাতেই অধিবেশনৰ স্মৰণিকা উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই। জিলা সমিতিৰ মুখপত্ৰ জাতীয় চেতনা উন্মোচন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক কনক হাজৰিকাই।
সভাত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। নিশা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। ইপিনে যোৱা নিশা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই প্ৰৱাল শৰ্মাক সভাপতি আৰু হেমন্ত দাসক সাধাৰণ সম্পাদক হিচাপে লৈ পৰিষদৰ নগাঁও জিলা সমিতিৰ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।