/asomiyapratidin/media/media_files/2025/06/20/207-2025-06-20-09-03-20.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধুবুৰী জিলা সমিতিৰ প্ৰাক্তন উপ সভাপতি ,অসমৰ জাতীয়তাবাদী শিবিৰৰ এগৰাকী অন্যতম বলিষ্ঠ নেতৃত্ব প্ৰদান কৰা ব্যক্তি, এসময়ত সাংবাদিকতাৰ লগত জড়িত ঐতিহাসিক অসম আন্দোলনৰ সমৰ্থক তথা ধুবুৰী চহৰৰ ৬নং ৱাৰ্ড নিবাসী প্ৰণয় ৰায় আৰু নাই। চিকিৎসাধীন অৱস্থাত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ -০০বজাত ইহলীলা সম্বৰণ কৰে ।
উল্লেখ্য যে, ১৯৬৯ চনত জন্মগ্ৰহণ কৰা প্ৰণয় ৰায়ৰ পিতৃ স্বৰ্গীয় যোগেন্দ্ৰ নাৰায়ণ মণ্ডল ছাৰ ছাদ্দুল্লা মন্ত্ৰীসভাৰ সময়ত এগৰাকী বিধায়ক আছিল । প্ৰণয় ৰায় এগৰাকী সৰৱ জাতীয়তাবাদী যুৱ নেতা হিচাপে ধুবুৰীৰ সমাজ জীৱনত বলিষ্ঠ ভূমিকা পালন কৰিছিল।
প্ৰণয় ৰায়ৰ মৃত্যুত ধুবুৰীৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি হ'ল বুলি ধুবুৰীৰ ৰাইজে মন্তব্য কৰে । তেওঁৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপদেষ্টা হেমেন চক্ৰৱৰ্তী, প্ৰাক্তন উপ সভাপতি মনিন্দ্ৰ নাথ ৰায় আৰু ধুবুৰী জিলা সমিতিৰ প্ৰাক্তন সভাপতি ভাস্কৰ কুমাৰ বৰুৱা গভীৰ শোক প্ৰকাশ কৰি শোকাকুল পৰিয়াল পৰিজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।
বৃহস্পতিবাৰে আবেলি ধুবুৰী শ্মশানত বহুতো গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ।মৃত্যুৰ সময়ত ৰায়ে পত্নী ,পুত্ৰ ,এগৰাকী কণ্যা সন্তান ,জ্যেষ্ঠ ভাতৃসহ বহু আত্মীয় স্বজনক এৰি থৈ যায় ।