Advertisment

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ দক্ষিণপাট অধিবেশন আৰম্ভ

অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ দ্বাবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশন আজিৰে পৰা তিনিদিনীয়াকৈ দক্ষিণপাটত অনুষ্ঠিত কৰা হৈছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বেবেজীয়াঃ  অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ দ্বাবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশন আজিৰে পৰা তিনিদিনীয়াকৈ দক্ষিণপাটত অনুষ্ঠিত কৰা হৈছে ।
উদুলি মুদুলি পৰিবেশত আজি পুৱা সামুহিক চাফাইৰে অধিবেশনৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে অধিবেশনৰ মূল তোৰণ মুকলি কৰে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা অনিতা লস্কৰে। 

Advertisment

দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা অসম বুৰঞ্জী বিষয়ক সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা উদ্ধোধন কৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড: সদানন্দ পায়েঙে।নিজৰ ভাষণত ড:পায়েঙে অসম বুৰঞ্জী সন্দৰ্ভত নৱপ্ৰজন্মক আকৰ্ষিত কৰিবৰ বাবে যুৱ-ছাত্র পৰিষদে কৰি অহা এই প্ৰয়াস প্ৰশংসনীয় কাম বুলি মন্তব্য কৰে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰায় ৫০ টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে উক্ত প্ৰতিযোগিতা পৰিচালনা কৰে। উল্লেখ্য যে পৰিষদৰ নগাঁও জিলা সমিতিয়ে এই কুইজ ১৬ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে। আজি অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত অসম আন্দোলনৰ নেতা তথা বিশিষ্ট সাংবাদিক মানস কুমাৰ মহন্ত ,সমাজকৰ্মী পৰাণ কুমাৰ মহন্ত আদিয়ে অংশগ্ৰহণ কৰে।

কুইজ প্ৰতিযোগিতাত নগাঁৱৰ অমিয় কুমাৰ বৰুৱা,ডিগবৈৰ সায়ন্তন শইকীয়াই প্ৰথম স্থান, মৰাণৰ প্ৰৱাল কলিতা, নগাঁৱৰ অনুজ শংকৰ দেৱনাথে দ্বিতীয় স্থান, নগাঁৱৰ দুলুমণি হাজৰিকা আৰু বিশ্বজ্যোতি বৰাই তৃতীয় স্থান লাভ কৰে ।সমান্তৰালভাবে অনুষ্ঠিত ৰক্তদান শিবিৰ মুকলি কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: ভূপেন বৰাই । গধূলি প্ৰতিনিধি শিবিৰ মুকলি কৰে বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংহই । পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত ১৬ খনৰো অধিক আঞ্চলিক সমিতিৰ প্ৰতিনিধিসকলে অধিবেশনত অংশগ্ৰহণ কৰে ।

অন্যহাতে ৩ জানুৱাৰীত পতাকা উত্তোলনৰে জিলা সভাপতি প্ৰাগজ্যোতিষ বণিয়াই দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । ইয়াৰ পিছতে শ্বহীদ তৰ্পন অনুষ্ঠান মুকলি কৰিব জিলা সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে, স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰিব অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি লৱকান্ত শৰ্মা, কাৰ্যকৰী সভাপতি প্ৰতাপ সিংহ। সতীৰ্থ স্মৰণ মুকলি কৰিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমণি বড়া,প্ৰচাৰ সম্পাদক দিগন্ত দাস আৰু কাৰ্যনিৰ্বাহক সদস্য গীতাৰ্থ শইকীয়াই ।
 
ইয়াৰ পিছত প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।  বিয়লি "ছাত্ৰৰ শিক্ষণ আৰু আচৰণৰ ওপৰত সামাজিক মাধ্যমৰ প্ৰভাৱ" শীৰ্ষক আলোচনা চক্ৰত উদ্ধোধক হিচাপে থাকিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই। শিক্ষাবিদ ড: শৰৎ বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব লগা আলোচনা চক্ৰত বিশিষ্ট নিৱন্ধকাৰ প্ৰদ্যুন্ন গোস্বামী, চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ  ড:ইন্দ্ৰজিৎ বেজবৰুৱা , পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পুলক বৰাই অংশগ্ৰহণ কৰিব। 

বিয়লি প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক আৰু বিষয় বাচনি সভা অনুষ্ঠিত হ’ব ।গধূলি বন্তি প্ৰজ্বলন কৰিব জ্ঞানী জছবীৰ সিঙে। সন্ধিয়া অনুষ্ঠিত হ'ব লগা সংগীতানুষ্ঠান আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান উদ্ধোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ।

 

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ