/asomiyapratidin/media/media_files/2025/08/08/40-2025-08-08-19-47-16.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : 'কা' আইনৰ অধীনত অসম চৰকাৰে ২০১৪চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা অ-মুছলমান (হিন্দু, খ্ৰীষ্টান,জৈন,শিখ,পাৰ্চী,বৌদ্ধ ধৰ্মৰ) লোকসকলৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আদেশ জাৰি কৰা কাণ্ডৰ প্ৰতিবাদ জনাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৱে এই সন্দৰ্ভত প্ৰতিবাদ জনাই প্ৰতিখন জিলা সমিতিয়ে শুকুৰবাৰে সন্ধিয়া জিলাৰ সদৰ তথা ৰাজহুৱা স্থানত জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।
পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে এক বিজ্ঞপ্তিযোগে জনাই যে অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত অসমীয়া ৰাইজক ভাগ ভাগ কৰা কাৰ্যক কেতিয়াও মানি লোৱা নহ'ব। কা আইনখন বৰ্তমানেও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ পাছতো জোৰ-জোলোমকৈ ইয়াৰ গইনা লৈ ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ বিচৰা কাৰ্য অসমবাসীয়ে প্ৰত্যক্ষ কৰি আছে।
লগতে কয় যে অসমৰ ভূমিত বহিৰাগত লোকৰ বেদখল উচ্ছেদ কৰা কাৰ্য যাতে ৰাজনৈতিক হাথিয়াৰ নকৰে তাকো নেতাদ্বয়ে সঁকীয়াই দিয়ে। আজি কেন্দ্ৰীয় সমিতিৰ চান্দমাৰীস্থিত মুখ্য কাৰ্য্যালয়ত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে 'কা' আমি নামানো, ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান বন্ধ কৰক,অসম চুক্তি ৰূপায়ন কৰক, এন আৰ চি উন্নীত হ'ব লাগিবই, পঞ্চ ছহিদক কৰা অপমান বন্ধ কৰক, হিমন্ত বিশ্ব গ'বেক, গৃহ বিভাগ গ'বেক ইত্যাদি ধ্বনিৰে আকাশ বতাহ উত্তাল কৰি তোলে।
কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত কাৰ্যসূচীত কেন্দ্ৰীয় কাৰ্যালয়ত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, প্ৰণৱজ্যোতি কলিতা, বিত্ত সম্পাদক জ্ঞান শৰ্মাকে প্ৰমুখ্য কৰি বহুকেইজন কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে। কাৰ্যসূচী ৰূপায়নত মহানগৰ আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰাৰ তৎস্বতেও সফল সমাপন কৰি এই আন্দোলন আৰু অধিক তীব্ৰতৰ হ'ব বুলি কামৰূপ মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি অসীম চহৰীয়া আৰু সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মনকে ধৰি সকলোৱে সঁকীয়াই দিয়ে।