/asomiyapratidin/media/media_files/2025/06/16/wLCFMlByzQLDAJ1t752G.jpg)
ডিজিটেল ডেস্কঃ বৃহৎ নদীবান্ধৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু অসমৰ বান, গৰাখনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ দাবীৰে আজি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন জিলা তথা আঞ্চলিকতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সেই অনুসৰিয়েই কামৰূপ মহানগৰ জিলা সমিতিৰো শতাধিক কৰ্মীৰ উপস্থিতিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
এই কাৰ্যসূচীৰ অন্তত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয়। প্ৰতিবাদস্থলীৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ বিষয়ববীয়াই কয়, যুৱ ছাত্ৰ পৰিষদৰ লগত কেন্দ্ৰীয় চৰকাৰে এক আলোচনাত মিলিত হৈছিল আৰু স্পষ্টভাৱে কৈছিল অসমৰ পৰিবেশ বিজ্ঞানী, নদী বিশেষজ্ঞৰ পৰামৰ্শৰ ভিত্তিতহে এই নদীবান্ধৰ কাম আগবঢ়াই নিব। কিন্তু দুৰ্ভাগ্যজনক কথা এই মুহূৰ্তত দেখিছো সেই বিশেষজ্ঞ তথা পৰামৰ্শদাতা সকলৰ পৰামৰ্শক ভেঙুচালি কৰি তেওঁলোকে নামনি সোঁৱণশিৰি নদীবান্ধকে ধৰি বিভিন্ন সৰু-বৰ নদীবান্ধৰো কাম তেওঁলোকে হাতত লৈছে।
কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূৰ্বৰে পৰা নদী বান্ধৰ বিৰোধিতা কৰি আহিছো। শেহতীয়াকৈ আমি দেখিছো ৰঙানদীৰ পানী এৰি দিয়াৰ ফলত কেনেকুৱা এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে।
তাতকৈ পাচগুণ অধিক ক্ষমতা সম্পন্ন নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যদি পানী এৰি দিয়া যায়, গোটেই উজনি অসমকে ধৰি সমগ্ৰ অসমতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব। সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শদিয়াৰ পৰা ধুবুৰীলৈকে বান, গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰাৰ দাবী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো।
এই প্ৰতিবাদস্থলীৰ পৰাই আমি কেন্দ্ৰীয় চৰকাৰক ধিক্কাৰ দিছো, গৰিহণা দিছো। তেওঁলোকে দিনাত এটা কথা কয়, ৰাতি আন এটা কথা কয়। এই বিজেপিয়ে এটা সময়ত অসমৰ ৰাইজৰ সহযোগত নদী বান্ধৰ বিৰোধিতা কৰিছিল। যেতিয়াই তেওঁলোকে দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰিলে তেতিয়াই নদীবান্ধৰ সপক্ষে স্থিতি লোৱা পৰিলক্ষিত হ’ল। আমি ৰামায়ণ, মহাভাৰততো দেৱতা আৰু অশুৰে ইমান ৰূপ সলোৱা দেখা নাই যিমান এই চৰকাৰখনে সলাইছে।