AJYCP ৰ প্ৰতিবাদৰ ওচৰত নতশিৰ NHPC: নদীবান্ধৰ সুৰক্ষাক লৈ ১৫ জুলাইত ৰাজ্যৰ বিশেষজ্ঞৰে হ’ব আলোচনা

অহা ১৫ জুলাইত অসমৰ বিশেষজ্ঞ আৰু NHPC ৰ হ'ব বৈঠক। এই বৈঠকত গেৰুকামুখত সংঘটিত বিক্ষিপ্ত ঘটনা আৰু বৃহৎ নদীবান্ধটোৰ সুৰক্ষাৰ প্ৰসংগক লৈ হ’ব আলোচনা।

author-image
Asomiya Pratidin
New Update
এন এইছ পি চি

ডিজিটেল সংবাদ গেৰুকামুখঃ কাৰ্যক্ষম হ’বলৈ ক্ষণ গণি থকা গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নিৰ্মাণ সংস্থা, বিজুলী উৎপাদনৰ ভাৰত চৰকাৰৰ শক্তি উৎপাদনৰ অংশীদাৰীত্ব বহন কৰি শক্তি উৎপাদন সংস্থা এন এইছ পি চি আজি নতশিৰ হ’ল যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদৰ ওচৰত৷ বিগত এটা দশকে উত্তৰ অসমৰ ৰাইজক আভুৱা ভাৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত ৰাজনৈতিক নেতাৰ দ্বৈত চৰিত্ৰৰ গইনা লৈ এশ এপাচি ত্ৰুটিৰে প্ৰকৃতিৰ কোপ দৃষ্টিক আওকান কৰি সোৱণশিৰিৰ নামনিত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা এন এইছ পি চি ক আজি জৱাবদিহি কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ 

Advertisment

বিগত সময়চোৱাত সোৱণশিৰি নদী আৰু পাৰিপাৰ্শ্বিক অৱস্থাই বাৰিষাই হওক বা খৰালি এই সময়ত গেৰুকামুখৰ বৃহৎ নদী বান্ধত ভূমিস্খলন আৰু বানৰ জৰিয়তে প্ৰলয়ৰ সূচনা কৰি আহিছে।  ফলস্বৰূপে দল সংগঠনৰ প্ৰতিবাদ নোহোৱা স্বত্বেও প্ৰকৃতিয়ে যোৱা ডেৰ দশকত গেৰুকামুখত এন এইছ পি চিক সুকলমে নদী বান্ধ হ’বলৈ দিয়া নাই৷ 

প্ৰকৃতিৰ কোপ দৃষ্টি আৰু বিশেষজ্ঞৰ প্ৰতিবেদন, জাতীয় দল সংগঠনৰ দাবীক নস্যাৎ কৰি এন এইছ পি চিয়ে যোৱা মাৰ্চত এই বিতৰ্কিত নদী বান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে৷ এপ্ৰিলৰ প্ৰথমাৰ্ধত বিজুলী উৎপাদন কৰিম বুলি কোৱা প্ৰকল্পটোৱে তাৰিখৰ পাছত তাৰিখ লৈয়ো আজিলৈকে বিজুলী উৎপাদন কৰিব পৰা নাই৷

যোৱা ১১ আৰু ১২ এপ্ৰিলত ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা সমিতিৰ তিনিটা দলে বৃহৎ নদীবান্ধটো পৰিভ্ৰমণ কৰি বান্ধ আৰু প্ৰকল্পটোৰ সামগ্ৰীক ব্যৱস্থাপনা অধ্যয়ন কৰি আজিৰ তাৰিখলৈকে নদীবান্ধ প্ৰকল্পটোৰ পৰা বিজুলী উৎপাদনৰ অনুমোদন দিয়া নাই। ভাৰত চৰকাৰৰ চোৰাংচোৱা সংস্থা আৰু অসমীয়া প্ৰতিদিনে লাভ কৰা তথ্যমতে অহা মাৰ্চ মাহৰ ভিতৰতো সোৱণশিৰি প্ৰকল্পৰ বিজুলী উৎপাদনৰ আশা ক্ষীণ৷ 

চলিত মাহত  সোৱণশিৰিৰ বৃহৎ নদীবান্ধত ছয় নং ব্লকত স্পিল ৱে গেটৰ ডাইভাৰ্ছন আৰু ৱালৰ লগতে বেছত বৃহৎ ক্ষতি কৰিলে সোৱণশিৰিৰ কোবাল সোঁতে৷ এইসমূহ ধ্বংস হ’ল সোৱণশিৰিৰ কোবাল সোঁতত৷ অসমীয়া প্ৰতিদিনৰ এই বাতৰিৰ সত্যতা স্বীকাৰ কৰি এন এইছ পি চিয়ে স্পষ্টীকৰণ দিছিল৷ 

এই ঘটনাৰ পাছত আজি বিষয়টোৰ প্ৰতিবাদকল্পে এন এইছ পি চিক জৱাবদিহি কৰে৷ আজি পুৱা ১১ বজাত  গেৰুকামুখৰ পাঁচনি কেম্পত প্ৰায় দুই হাজাৰৰো অধিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সমৱেত হৈ গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ সমদল কৰে৷ অসম জাতীয়তাবাদী  যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি আৰু লখিমপুৰ জিলা সমিতিয়ে আয়োজন কৰা এই প্ৰতিবাদৰ নেতৃত্বত থাকে সংগঠনটোৰ সভাপতি পলাশ চাংমাই, সম্পাদক বিজন বায়ন, উপ সভাপতি দেৱজিৎ দাস, সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মা, কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ জ্ঞান শৰ্মা আৰু সদ্য মনোনীত যুতীয়া সম্পাদক পুলক জ্যোতি বৰা৷ 

প্ৰায় এঘন্টাৰ সমদল কৰি গেৰুকামুখত এন এইছ পি চিৰ মুখ্য প্ৰৱেশদ্বাৰত অৱস্থান কৰে প্ৰতিবাদকাৰী সকলে৷  সংগঠনটোৰ সভাপতি পলাশ চাংমাইয়ে ভাষণ প্ৰসংগত কয় “ এই নদী বান্ধ বাৰেপাচি ভুলেৰে নিৰ্মাণ কৰিছে৷যদি নদীৰ কোবাল সোঁতে বৃহৎ নদী বান্ধটোৰ মূল বান্ধৰ গেটৰ ওপৰত থকা ছয় নং ব্লকৰ স্পিল ৱে খহাই অনিষ্ট কৰে তেন্তে কেনেকৈ সুৰক্ষিত ইয়াৰ নিৰ্মাণ কাৰ্য৷”

সম্পাদক বিজন বায়নৰ মতে “ উত্তৰ পূৱত যিমানবোৰ শক্তি উৎপাদন সংস্থা এওঁলোকে কেৱল বিজুলী উৎপাদন কৰে৷বিজুলী উৎপাদন কৰি অসমলৈ পানী এৰে৷ এই পানীয়ে যিবোৰ ক্ষয়, ক্ষতি কৰে তাৰ ক্ষতিপূৰণ তেঁওলোকে নিদিয়ে৷ ওলোটাই ৰাজ্য চৰকাৰে নিজা ৰাজহৰ পৰা ইয়াৰ মোকাবিলা কৰিব লাগে৷

তেওঁ কয়, বৃহৎ নদীবান্ধ প্ৰকল্পই উন্নয়ন কৰে বুলি চৰকাৰে কয়৷ য’ত আমি বিজুলী, সংস্থাপন আৰু পানী এৰি দিয়াৰ ফলত হোৱা প্ৰলয়ৰো ক্ষয়, ক্ষতিৰ ক্ষতিপূৰণ নাপাঁও তেনে উন্নয়নক কিয় সমৰ্থন কৰিম? উদাহৰণ ৰঙানদী আৰু উমিয়াম আৰু দৌগ্ৰোং প্ৰকল্প৷ 

উপ সভাপতি দেৱজিৎ দাসৰ মতে “ এশ পাচি ভুল উপেক্ষা কৰি  এন এইছ পি চিয়ে আমাৰ মূৰৰ ওপৰত জলবোমা এটা তৈয়াৰ কৰিলে৷ সেইটো মূৰৰ ওপৰত আছেই আৰু নামনিত বান আৰু খহনীয়া প্ৰতিৰোধৰ ৬০০ কোটি টকাৰ স্থানীয় মন্ত্ৰী আৰু সাংসদে কমিচনৰ অংকত দুই নম্বৰী আঁচনি ৰূপায়ণ কৰি মাৰ্ঘাত মাৰিলে৷ ফলত মিছিং জনগোষ্ঠীৰ ৬০০ পৰিয়াল দিশহাৰা হ’ল। 

 একেই অভিযোগ সগংঠনটোৰ নতনুকৈ দায়িত্ব প্ৰাপ্ত যুটীয়া সম্পাদক পুলজ্যোতি বৰাৰ৷প্ৰায় তিনিঘণ্টা ধৰি এন এইছ পি চিৰ প্ৰৱেশ দ্বাৰত অৱস্থান কৰাৰ পৰাৰ পাছত সোৱণশিৰি প্ৰকল্পৰ মহা প্ৰৱন্ধক আৰু জন সম্পৰ্কৰক্ষী বিষয়া প্ৰতিবাদকাৰীৰ সন্মুখত থিয় হৈ  প্ৰতিবাদকাৰীৰ দাবীক সন্মান জনায়। সেই মৰ্মে ১৫ জুলাইৰ ভিতৰত ৰাজ্যৰ বিশেষজ্ঞৰ লগত এন এইছ পি চিয়ে বৈঠকত বহিব বুলি কয়।

গেৰুকামুখত সংঘটিত বিক্ষিপ্ত ঘটনা আৰু বৃহৎ নদীবান্ধটোৰ সুৰক্ষাৰ প্ৰসংগক লৈ হ’ব এই বৈঠক। প্ৰতিবাদস্থলীত এ জে ৱাই চি পিৰ দাবী মানি লৈ এন এইছ পি চিয়ে এই সন্দৰ্ভত কথা দিছে। আলোচনাত এই বান্ধটো কিমান নিৰাপদ সেই সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰিছে এন এইছ পি চিৰ মহাপ্ৰবন্ধক আৰু জনসম্পৰ্কৰক্ষী বিষয়াই। 

এন এইছ পি চি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ