/asomiyapratidin/media/media_files/2025/06/28/yuuus-2025-06-28-15-00-35.jpg)
ডিজিটেল ডেস্কঃ গেৰুকামুখৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদৰ আগত সেওঁ মানিলে এন এইচ পি চিৰ কৰ্তৃপক্ষই। শেহতীয়া কিছুদিনৰ পৰা বান্ধটোৰ নিৰাপত্তাক লৈ উত্থাপিত হোৱা শংকা আৰু আনুসংগিক ভিন্ন দিশৰ ওপৰত স্পষ্টীকৰণ দিবলৈ ৰাজী হৈছে এন এইচ পি চিৰ কৰ্তৃপক্ষ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ সৈতে অহা ১৫জুলাইৰ ভিতৰত বিশেষজ্ঞৰ উপস্থিতিত বান্ধটোৰ নিৰাপত্তা আৰু অন্যান্য দিশক লৈ আলোচনাত মিলিত হ’ব এন এইচ পি চিৰ কৰ্তৃপক্ষ।গেৰুকামুখত সংঘটিত বিক্ষিপ্ত ঘটনা আৰু বৃহৎ নদীবান্ধটোৰ সুৰক্ষাৰ প্ৰসংগক লৈ হ’ব বৈঠক ।
শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰা প্ৰতিবাদস্থলীত উপস্থিত হৈ এই প্ৰতিশ্ৰুতি প্ৰদান কৰে এন এইচ পি চিৰ মহাপ্ৰৱন্ধক আৰু জনসংযোগৰক্ষী বিষয়াগৰাকীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, গেৰুকামুখৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শনিবাৰে এক প্ৰতিবাদ সাব্যস্ত কৰিছিল। সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থকা এই প্ৰতিবাদৰ জৰিয়তে অসমৰ জনজীৱন বিপন্ন কৰিব পৰা এই নদীবান্ধটো বন্ধ কৰাৰ লগতে উত্তৰ পূবৰ সকলো নদীবান্ধৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে।
সংগঠনটোৰ শীৰ্ষ নেতৃত্ব পলাশ চাংমাই,বিজন বায়ন আৰু ৰাণা প্ৰতাপ ডেকা উপস্থিত থকা এই প্ৰতিবাদস্থলীত শতাধিক লোকে অংশ গ্ৰহণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত দিনবোৰত গেৰুকামুখৰ বৃহৎ নদী বান্ধ প্ৰকল্প কেইবাখনো গাৰ্ডৱালৰ লগতে ভয়ংকৰভাৱে খহিছেঁ কাষৰীয়া পাহাৰৰ মাটি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us