/asomiyapratidin/media/media_files/2025/04/07/IRtTRa23zSAPbufTCNPQ.jpg)
ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনত নতুনকৈ বাচনি কৰা হয় ৰাজ্যিক সমিতিৰ বিষয়-ববীয়াসকলক। এই অধিৱেশনত সংগঠনটোৰ মুখ্য উপদেষ্টা হিচাপে নিৰ্বাচন কৰা হয় ৰাণা প্ৰতাপ বৰুৱাক। উপদেষ্টা হিচাপে কমল ভড়ালী, পুলক বৰা, ৰঞ্জিত চাংমাই, ভৱেশ কাকতিক দায়িত্ব অৰ্পণ কৰা হয়।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুনৰ সভাপতিৰ দায়িত্ব লাভ কৰে পলাশ চাংমায়ে। সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় বিজন বায়নক। উপ সভাপতিৰ দায়িত্ব লাভ কৰে- শিৱ কলিতা, জিতুল ৰাজখোৱা, বিশ্বজিত বৰুৱা,মায়াৰাণী লাহন গগৈ, দেৱজিত দাসক।
সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়- ছাবিৰ আহমেদ, মৃদুল তালুকদাৰ, প্ৰণৱজ্যোতি কলিতা, সুৰজিত মৰাণ আৰু প্ৰাগজ্যোতিষ বণিয়াক। যুটীয়া সম্পাদকৰ দায়িত্ব দিগন্ত গগৈ, আব্দুল হাচিম গৌতম শৰ্মা, অঞ্জুমণি ভূঞা, কমলজিত দত্তক অৰ্পণ কৰা হয়।
ইফালে সাংগঠনিক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ৪জনক। ৰাজীৱ গগৈ, দিপমণি বৰা, মন্টুকুমাৰ শৰ্মা, ইনামূল হক, প্ৰদীপ শৰ্মাক প্ৰদা কৰা হয় কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ দায়িত্ব। দিগন্ত চেতিয়াক প্ৰদান কৰা হয় ক্ৰীড়া সম্পাদকৰ দায়িত্ব। সাংস্কৃতিক সম্পাদকৰ দায়িত্ব সুৰজ কলিতাক প্ৰদান কৰা হয়।
গীতাৰ্থ শইকীয়াক প্ৰদান কৰা হয় শিক্ষা সম্পাদকৰ দায়িত্ব। উতপল কোৱঁৰ, নিলোতপল খাউণ্ড, পাৰ্থপ্ৰতীম শৰ্মা, সঞ্জীৱ ৰায় চৌধুৰী, উপেন্দ্ৰ কুমাৰ নাথক তথ্য আৰু যোগাযোগ প্ৰচাৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়।
সমাজ সেৱা সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় কুশল চেতিয়া, বিত্ত সম্পাদক জ্ঞান শৰ্মাক দায়িত্ব প্ৰদান কৰা হয়।