বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত নগাঁৱত যুৱ- ছাত্র পৰিষদৰ অৱস্থান ধৰ্মঘট...

অসমত বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু বান- গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি অসম  জাতীয়তাবাদী যুৱ -ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
 বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত নগাঁৱত যুৱ- ছাত্র পৰিষদৰ অৱস্থান ধৰ্মঘট...

ডিজিটেল সংবাদ,নগাঁও: অসমত বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু বান- গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি অসম  জাতীয়তাবাদী যুৱ -ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। পৰিষদৰ নেতা, কৰ্মীসকলে বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰক, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, অসমৰ খিলঞ্জীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰক,আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।

Advertisment

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিষদৰ নেতৃত্বই বৃহৎ‍ নদীবান্ধৰ নিৰ্মাণ  শীঘ্ৰে বন্ধ নকৰিলে পৰিষদে  ইয়াতকৈ অধিক শক্তিশালী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে। আজিৰ কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়া ,সাংগঠনিক সম্পাদক দীপমণি বৰা ,পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰৱাল শৰ্মা, সাধাৰণ সম্পাদক  হেমন্ত দাসৰ লগতে শতাধিক পৰিষদৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

এ জে ৱাই চি পি বৃহৎ নদীবান্ধ