কৃষকক আৰ্থিক সাহায্য আৰু পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ AJYCP ৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

ৰাজ্যত স্বাভাৱিক বৰষুণৰ অভাৱত কৃষকসকলে ভয়াৱহ সংকটৰ সন্মুখীন হৈছে। ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ আজিকোপতিও উন্নীতকৰণ নোহোৱাত কৃষকসকলে বতৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে।

author-image
Asomiya Pratidin
New Update
কৃষকক আৰ্থিক সাহায্য আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ AJYCP ৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

ডিজিটেল ডেস্কঃ সম্প্ৰতি ৰাজ্যত স্বাভাৱিক বৰষুণৰ অভাৱত কৃষকসকলে ভয়াৱহ সংকটৰ সন্মুখীন হৈছে। ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ আজিকোপতিও উন্নীতকৰণ নোহোৱাত কৃষকসকলে বতৰৰ ওপৰত নিৰ্ভৰশীল হৈ আজিও কৃষি কৰ্মত নিয়োগ হ’বলগায়ী বিষয়টো অতি দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে।

Advertisment

ভৰ বাৰিষাৰ এই সময়ছোৱাত কৃষকসকলে বৰষুণৰ অভাৱাত আকাশলৈ চাবলগীয়া হৈছে। পথাৰত দেখা হৈছে চিৰাল ফাট। কৃষক সকল এইদৰে এক দুৰ্যোগৰ সন্মুখীন হোৱাৰ সময়তে অন্নদাতাসকলৰ বৃহত্তৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে।

এই স্মাৰক পত্ৰৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে ৰাজ্যৰ খৰাং পৰিস্থিতিৰ বাবে সংকটৰ সন্মুখীন হোৱা কৃষকক তৎকালে আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে ৰাজ্যত জলসিঞ্চন ব্যৱস্থা উন্নীত কৰি প্ৰতিখন খেতিপথাৰক সামৰি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

ajycp