/asomiyapratidin/media/media_files/2025/07/01/tree-2025-07-01-19-56-41.jpg)
ডিজিটেল সংবাদ, নগাঁও: বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি। বনাঞ্চল ধ্বংস কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই আজি পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰৱাল শৰ্মা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে যে নগাঁও জিলাৰ চাপালনা আৰু কন্দলি পাহাৰত সৰু বৰ বিভিন্ন কোৱাৰীসমূহৰ জৰিয়তে অবৈধ ভাবে শিল খনন কৰি বনাঞ্চল ধ্বংস কাৰ্য শীঘ্ৰে বন্ধ কৰা আৰু শেনছোৱাৰ পৰা বেবেজীয়ালৈকে পথ বহলোৱাৰ নামত ১৮ জোপা প্ৰাপ্ত বয়স্ক গছ কটা কাৰ্য শীঘ্ৰে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী জনায়। পৰিষদৰ দাবীসমূহ কাৰ্যকৰী নকৰিলে পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি স্মাৰক পত্ৰত উল্লেখ কৰে।