উদুলি-মুদুলি গোলাঘাট, বিশাল বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ দ্বিতীয় দিনৰ কাৰ্যসূচী

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত ৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ এই অধিৱেশন অনুষ্ঠিত হৈছে। ৫ এপ্ৰিল শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন

যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, গোলাঘাট: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত ৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ এই অধিৱেশন অনুষ্ঠিত হৈছে। ৫ এপ্ৰিল শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয়। এই শোভাযাত্ৰা শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তই। উক্ত উদ্বোধনী অনুষ্ঠানত জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, যতীন বৰা, প্ৰস্তুতি পৰাশৰকে ধৰি বহু সংখ্যক বিশিষ্ট অভিনেতা- অভিনেত্ৰী উপস্থিত থাকে। এই বৃহৎ-বৰ্ণিল শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি বহুসংখ্যক সাংস্কৃতিক দলৰ লগতে ছাত্ৰ সংগঠনটোৰ নেতৃত্ব, প্ৰতিনিধি আৰু শুভাকাংশী সকলে অংশগ্ৰহণ কৰে। 

Advertisment

আবেলি ২ বজাৰ পৰা এই সমন্বয় ক্ষেত্ৰৰ অস্থায়ী মঞ্চত অনুষ্ঠিত হ'ব মুকলি সভা। যুৱ ছাত্ৰ পৰিষদৰ বৰ্তমানৰ সভাপতি পলাশ চাংমাই সভাপতিত্ব কৰিবলগীয়া মুকলি সভা উদ্বোধন কৰিব অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। মুকলি সভাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। 

ajycp পলাশ চাংমাই সাদিন-প্ৰতিদিন গোষ্ঠী জয়ন্ত বৰুৱা