ধেমাজিত লখিমী বেংকৰ বিৰুদ্ধে প্ৰতিবাদ...

সোমবাৰে ধেমাজি সদৰস্থিত লখিমী বেংকৰ শাখা কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনায় এ জে ৱাই চি পিৰ ধেমাজি জিলা সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
ধেমাজিত লখিমী বেংকৰ বিৰুদ্ধে প্ৰতিবাদ...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি শাখাৰ লখিমী বেংকে দীৰ্ঘদিন ধৰি গ্ৰাহকৰ ধন সময় মতে ঘূৰাই নিদিয়া, বেংকলৈ গ’লে বেংকটোৰ বিষয়া-কৰ্মচাৰীয়ে গ্ৰাহকক  দুৰ্ব্যৱহাৰ কৰা আৰু ৰিজাৰ্ভ বেংকৰ নীতি-নিদেৰ্শনা অমান্য কৰাৰ অভিযোগত সোমবাৰে ধেমাজি সদৰস্থিত লখিমী বেংকৰ শাখা কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনায় অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়-ববীয়াসকলে৷ 

Advertisment

ইপিনে প্ৰতিবাদকাৰীসকলে আধা ঘন্টামান সময় ধৰি গ'বেক ধ্বনিৰে বেংকস্থলী উত্তাল কৰি তোলে৷ প্ৰতিবাদৰ অন্তত বেংকটোৰ মইমতালিৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, কষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সভাপতি ভৱেন শালৈ, জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি সমিতিৰ ভাৰপ্ৰাপ্ত সধাৰণ সম্পাদক ধীৰেন দিহিঙীয়াৰ দ্বাৰা স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ ধেমাজি জিলা আয়ুক্তকো দাখিল কৰে৷

প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই লখিমী বেংকটোৰ কৰ্মচাৰীসকলৰ ময়মতালি আৰু বেংকটোত সংঘটিত হৈ দুৰ্নীতিৰ যদি শীঘ্ৰেই বন্ধ নহয় অন্যথা বেংকৰ সন্মুখত ইয়াতকৈ অধিক প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়ে পৰিষদৰ বিষয়ববীয়াগৰাকীয়ে৷

প্ৰতিবাদ ধেমাজি