Advertisment

সাহিত্য সভাৰ সভাপতি-বিষয়ববীয়াবৰ্গলৈ জাতীয় পৰিষদৰ অভিনন্দন

‘অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি আগবঢ়াই অহা ড° বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই অসম সাহিত্য সভাৰ সভাপতি হিচাপে ভাষা-সাহিত্যৰ ক্ষেত্ৰখনক নতুন প্ৰাণশক্তিৰে উজ্জীৱিত কৰি তুলিব বুলি আমি আশাবাদী ৷’

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভা

অসম সাহিত্য সভা

ডিজিটেল সংবাদ, গুৱাহাটী : অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে ৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বাৰ্তাত কয়, ‘অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি আগবঢ়াই অহা ড° বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই অসম সাহিত্য সভাৰ সভাপতি হিচাপে ভাষা-সাহিত্যৰ ক্ষেত্ৰখনক নতুন প্ৰাণশক্তিৰে উজ্জীৱিত কৰি তুলিব বুলি আমি আশাবাদী ৷’

Advertisment

ড° গোস্বামীৰ নেতৃত্বত সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্যৰ স্বাৰ্থত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি সাহিত্য সভাৰ ঐতিহ্যশালী পৰম্পৰাক অধিক গতিশীল কৰি তুলিব বুলি গগৈ আৰু ভূঞাই আশা প্ৰকাশ কৰে ৷ তেওঁলোকে লগতে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত অন্য বিষয়ববীয়াসকলকো উষ্ম অভিনন্দন জনায় ৷

অসম সাহিত্য সভা অসম জাতীয় পৰিষদ