ডিজিটেল সংবাদ,গুৱাহাটীঃ ডিমাহাছাওৰ কয়লাখনি সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰে অসম জাতীয় পৰিষদে। সংবাদমেলত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই চৰকাৰক লক্ষ্য কৰি লৈ কেবাটাও বিষয় উত্থাপন কৰে।
তেওঁ জনাই যে, শুকুৰবাৰে ডিমাহাছাওৰ অবৈধ কয়লা খনি পৰিদৰ্শন কৰিছিল অসম জাতীয় পৰিষদৰ এটা দলে। অতি দুৰ্গম অঞ্চলত অৱস্থিত এই অবৈধ কয়লা খনিৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধত প্ৰায় ২০টাকৈ খনি আছে, লগতে ডিমাহাছাওত ৭০-৮০ টাতকৈ অধিক খনি থকাৰ সন্দেহ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে।
তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে কয়লাখনিটো বৈধ, অসম চৰকাৰৰ AMDC ৰ অন্তৰ্গত আছিল খনিটো। প্ৰথমে ৩ বছৰ পাছত ১২ বছৰৰ পৰা বন্ধ হৈ আছে বুলি কালি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৈছিল। ১২ বছৰ পূৰ্বে AMDC ৰ অন্তৰ্গত আছিল খনিটো, পাছত ভাৰত চৰকাৰে নতুনকৈ নিবিদা প্ৰকাশ কৰোতে পুনৰ AMDC য়ে খননৰ বাবে আবেদন কৰিছিল।
সমগ্র ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত যি সমূহ পোষ্ট বা মন্তব্য কৰিছে এটাৰ লগত আনটো কথাৰ মিল নাই বুলিও কয় ভূঞাই। লগতে মুখ্যমন্ত্ৰী নিজেই ভালদৰে অৱগত নহয়, নতুবা জানি শুনি সকলো কথা নজনাৰ ভাও জুৰি আছে বুলি ক্ষোভ উজাৰে।
সংবাদমেলত কয় যে, তাৰ খনন কাৰ্য প্ৰথমে Green Tribunal আৰু পাছত উচ্চতম ন্যায়ালয়ে বন্ধ কৰিছিল। ২০১৫ চনতেই বন্ধ কৰাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু সকলো নিৰ্দেশ জ্বলাঞ্জলি দি তাত অবৈধভাবে চলি আছিল খনন কাৰ্য। ডিমাহাছাও আৰু এনচি হিলছ দুয়োটা স্থানত ব্যাপক হাৰত কয়লা খনন চলি থকা বুলি অভিযোগ কৰে অসম জাতীয় পৰিষদে।
ইয়াৰোপৰি তেওঁ কয় যে, তুলিৰাম ৰংহাং আৰু দেৱলাল গাৰ্লোচা দুয়োজনৰ নেতৃত্বত কয়লাৰ খনন চলি আছে। অসম মাতৃৰ বক্ষ বিদাৰি ৰাষ্ট্ৰীয় সম্পদ লুন্ঠন কৰি আছে অসম চৰকাৰে। দিশপুৰৰ সম্পূৰ্ণ হস্তক্ষেপত এই কয়লা খনন চলি থকাৰ অভিযোগ কৰা লগতে অসমৰ বহু চিমেণ্ট কোম্পানীয়ে সেই কয়লা ক্ৰয় কৰি আছে বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, ডালমিয়া চিমেণ্ট, বিনয় চিমেণ্ট, ষ্টাৰ চিমেণ্ট, সূৰ্যা চিমেণ্ট আদি চিমেণ্ট কোম্পানীবোৰে চুৰি কয়লা ক্ৰয় কৰি আছে। মুখ্যমন্ত্ৰীয়ে দেৱলাল গাৰ্লোচাক যিমানেই ৰক্ষণাবেক্ষণ নিদিয়ক কিয়, কয়লা খনিটোৰ লগত দেৱলাল গাৰ্লোচাৰ পত্নী জড়িত থকাৰ তথ্য আছে বুলিও সংবাদমেলত অভিযোগ কৰে। লগতে AMDC ৰ অধ্যক্ষ আনন্দ নটৰাজক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই জাতীয় পৰিষদে।
সংবাদমেলত প্ৰকাশিত তথ্য অনুসৰি, গুৱাহাটীত একো একোখন কয়লাৰ গাড়ীৰ পৰা ১ লাখ ২৫ হাজাৰ টকা প্ৰৱেশত আৰু প্ৰস্থানত ১ লাখ ২৫ হাজাৰ সংগ্ৰহ কৰি আছিল। এই টকা সংগ্ৰহ কৰা গৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই অসম জাতীয় পৰিষদে।