বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ মৃত্যুত অসম জাতীয় পৰিষদৰ শোক...

সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ গভীৰ শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ মৃত্যুত অসম জাতীয় পৰিষদৰ শোক...

AJP

ডিজিটেল সংবাদ, গুৱাহাটীঃ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ- প্ৰসাৰেৰে অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পৰলোকগমনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই গভীৰ শোক প্ৰকাশ কৰে।

Advertisment

এক বিবৃতিত অসম জাতীয় পৰিষদে কয় যে, প্ৰয়াত দেৱশৰ্মাৰ মৃত্যুত অসমে সত্ৰ-সংস্কৃতিৰ পুৰোধা ব্যক্তি এগৰাকীক হেৰুৱালে। তেখেতৰ পুণ্যাত্মাৰ পৰমাত্মাৰ সৈতে সান্নিধ্যৰ বাবে প্ৰাৰ্থনা জনাই লুৰিণজ্যোতি গগৈ আৰু সম্পাদক ভূঞাই প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ নিকটাত্মীয়ৰ প্ৰতি সমৱেদনা ব্যক্ত কৰে ৷

lurinjyoti gogoi barpeta satra AJP