'২১ৰ বিধায়ক পদৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৱাৰ্ড মেম্বাৰ পদত

লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ বঢ়মপুৰ সমষ্টিৰ ২০২১চনৰ প্ৰাৰ্থী দিপীকা শইকীয়াই এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থিত্বৰ দৌৰত অৱতীৰ্ণ হৈছে।

author-image
Asomiya Pratidin
New Update
'২১ৰ বিধায়ক পদৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৱাৰ্ড মেম্বাৰ পদত

'২১ৰ বিধায়ক পদৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৱাৰ্ড মেম্বাৰ পদত

ডিজিটেল সংবাদ, বঢ়মপুৰঃ  লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ বঢ়মপুৰ সমষ্টিৰ ২০২১চনৰ প্ৰাৰ্থী দিপীকা শইকীয়াই এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থিত্বৰ দৌৰত অৱতীৰ্ণ হৈছে। পূৰ্বে পাখিমৰীয়া জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হৈছিল দিপীকা শইকীয়া। 

Advertisment

দীৰ্ঘদিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ৰূপে পৰিচিত দিপীকা শইকীয়া এসময়ত নগাঁও সদৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰতো অৱতীৰ্ণ হৈছিল। কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্যকালত নগাঁও জিলাৰ এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেত্ৰী হিচাপেও পৰিচিত হৈছিল দিপীকা শইকীয়া। আনকি কংগ্ৰেছৰ বহু ৰাষ্ট্ৰীয় নেতাৰো অতি ঘণিষ্ঠৰূপে পৰিচিত হৈছিল দিপীকা। কংগ্ৰেছ চৰকাৰৰ পতনৰ পিছতেই ২০১৮ চনত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত পুনৰ কংগ্ৰেছৰ পৰা ১৭ নং পাখিমৰীয়া জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ বিজেপিক পৰাভূত কৰি জয়ী হৈছিল দিপীকা শইকীয়া। 

২০২০ চনৰ পিছতেই কংগ্ৰেছ নেতৃত্বৰে হোৱা মনোমালিন্যৰ বাবে কংগ্ৰেছ ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে দিপীকা শইকীয়াই। ২০২১ চনত লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ পৰা বঢ়মপুৰৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা দিপীকা শইকীয়াৰ আমানতৰ ধন বাজেয়াপ্ত হয়। ইয়াৰ পিছতেই যেন দিপীকা শইকীয়াৰ মনোবল হ্ৰাস পায়। সেয়ে সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত বিধায়কৰ পদৰ পৰা ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে দিপীকা শইকীয়া। পূৰ্বে জিলা পৰিষদত জয়ী হোৱাৰ পিছতো এইবেলি জিলা পৰিষদৰ সলনি ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থী হিচাপে দিপীকা শইকীয়া অৱতীৰ্ণ হোৱা এই বিষয়টোৱে ৰাইজৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে।

কংগ্ৰেছ অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈ