/asomiyapratidin/media/media_files/2025/09/16/1-2025-09-16-16-34-33.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত তাজমহল ভঙাৰ নিৰ্দেশ প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে।ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে শ্ৰমিকে আৰম্ভ কৰিছে তাজমহল ভঙাৰ কাম। কিন্তু এয়া আগ্ৰাৰ তাজমহল নহয়। দৰাচলতে আজমেৰ জিলাৰ অনাসাগৰ হ্ৰদৰ পাৰত অৱস্থিত চেভেন ৱাণ্ডাৰ পাৰ্ক ভাঙিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
সেই পাৰ্কখনতে আছে তাজমহলৰ এটা প্ৰতিৰূপ। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যানখন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰিছিল, কাৰণ এই উদ্যানখন অনাসাগৰ হ্ৰদৰ ভূমিত নিয়ম উলংঘা কৰি নিৰ্মাণ কৰা হৈছিল।
কটকটীয়া নিৰাপত্তাৰ মাজতে প্ৰশাসন আৰু পৌৰ নিগমৰ দলে এই উদ্যান ভাঙি পেলোৱাৰ কাম আৰম্ভ কৰিছে। এই কাৰ্য্যৰ সময়ত ক্ৰেনেৰে আইফেল টাৱাৰৰ আৰ্হিটো সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাৰ বিপৰীতে শিল্পীসকলে হাতুৰী আৰু বৈদ্যুতিক কাটাৰেৰে তাজমহলৰ প্ৰতিৰূপ ভাঙিবলৈ আৰম্ভ কৰে।
ইয়াৰ বাহিৰেও হেলনীয়া স্তম্ভ অংশ ভাঙি নিৰাপদে আঁতৰাই পেলোৱা হৈছে। উল্লেখযোগ্য যে, এই উদ্যানখন এসময়ত আজমেৰৰ অন্যতম প্ৰধান পৰ্যটন স্থান আছিল, য’ত দৈনিক বৃহৎ সংখ্যক লোক ফুৰিবলৈ আহিছিল।
লক্ষ্যণীয় যে, এই উদ্যানখন আঁতৰোৱাৰ ফলত স্থানীয় ব্যৱসায়ী আৰু বাসিন্দাসকলৰ জীৱিকা বিপদত পৰিছে। এই সন্দৰ্ভত প্ৰশাসনে কয় যে, আদালতৰ নিৰ্দেশ আৰু পৰিৱেশ বিধি মানি চলি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাতে হ্ৰদটোৰ মূল অৱস্থা পুনৰ ঘূৰাই আনিব পৰা যায়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই উদ্যানখনত পৃথিৱীৰ সাতটা আশ্চৰ্য্যৰ প্ৰতিৰূপ নিৰ্মাণ কৰা হৈছিল। ইয়াৰে কেইটামান সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হৈছে। গিজাৰ পিৰামিড, ক্ৰাইষ্ট দ্য ৰিডিমাৰ , কলছিয়াম , ষ্টেচু অৱ লিবাৰ্টি । এতিয়া মাত্ৰ বাকী থকা তাজমহল আৰু পিছাৰ হেলনীয়া স্তম্ভটো আঁতৰোৱাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে।