/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/BADARUDDIN-AJMAL.jpg)
ডিজিটেল ডেস্ক: এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক ইডিয়ে জেৰা কৰিলে নেকি? মঙলবাৰে এই সন্দৰ্ভত এক খবৰ প্ৰকাশ পোৱাৰ পাছত ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছিল।
বিভিন্ন সময়ত এ আই ইউ ডি এফে বিজেপি চৰকাৰৰ সাপক্ষে সন্দেহজনক স্থিতি গ্ৰহণ কৰি থকা লৈ বিভিন্ন খবৰ চৰ্চা হৈছিল। দেশ বিদেশত ব্যৱসায় কৰা আজমলে ব্যৱসায়ৰ স্বাৰ্থত শাসনাধিষ্ঠ বিজেপিৰে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উঠিছিল।
সেয়েহে দেশৰ বিভিন্ন নেতা, মন্ত্ৰীৰ বিৰুদ্ধে ইডিয়ে অভিযান চলোৱা সময়ত আজমলৰ বিৰুদ্ধেও ইডি অভিযান চলিব পাৰে বুলি অনুমান কৰা হৈছিল। আজমলৰ বাসগৃহত ইডিৰ দিনযোৰা অভিযান, আজমলক মাতি নি জেৰা কৰা বুলি প্ৰচাৰ হোৱা খবৰক মিছা আখ্যা দিলে আজমলে।
এটা ভিডিঅ বাৰ্তা যোগে আজমলে কয় যে, " আজি দিনত সকলো সংবাদ মাধ্যমে কৈ আছে যে আজমলক ইডিয়ে ৬ ঘন্টা জেৰা কৰিছে। এই কথা সম্পূৰ্ণ মিছা। ইয়াৰ কোনো ভিত্তি নাই। খবৰ প্ৰচাৰ হৈছে যে ৩ দিন ধৰি অভিযান চলি আছে মোৰ বাসগৃহত। কিন্তু এয়া মিছা। মই ব্যৱসায়ৰ বাবে বেংগালুৰত আছো। আজি পুৱা ১১ বজাত মই আহি পাই আত্মীয় চিকিৎসাধীন হৈ থকা বাবে খবৰ লবলৈ হস্পাতালত গৈছো। তাৰ পাছত অলপ জিৰণি লৈ সদনলৈ গৈছো। এটা সাধাৰণ দিন"।
আৰু পঢ়ক: গোলাঘাটত ব্লক নিৰ্মাণ কাৰখানাত অঘটন, মেছিনত সোমাই বিছিন্ন হ'ল শ্ৰমিকৰ হাত…