Advertisment

পুৰস্কাৰ! আয়কৰ বিভাগে অজিত পাৱাৰক ঘূৰাই দিলে ১০০০কোটি...

বিজেপিত যোগ দিয়াৰ বহুদিনেই পাৰ হ’ল। তাৰ পিছত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পিছত তেওঁ উপ-মুখ্যমন্ত্ৰী  হিচাপে শপত গ্ৰহণ কৰে। এন চি পিৰ নেতা অজিত পাৱাৰে অৱশেষত লাভ কৰিছে বিজেপিত যোগ দিয়াৰ

New Update
awaw

ডিজিটেল ডেস্কঃ বিজেপিত যোগ দিয়াৰ বহুদিনেই পাৰ হ’ল। তাৰ পিছত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পিছত তেওঁ উপ-মুখ্যমন্ত্ৰী  হিচাপে শপত গ্ৰহণ কৰে। এন চি পিৰ নেতা অজিত পাৱাৰে অৱশেষত লাভ কৰিছে বিজেপিত যোগ দিয়াৰ আচল পুৰস্কাৰ। যি বিজেপিয়ে তেওঁৰ বেনামী সম্পত্তিক লৈ মুখৰ হৈ আছিল সেই দলত যোগ দিয়াৰ পিছতেই সাতখুন মাফ হৈ পৰিছে।

Advertisment

ইমানেই নহয়, এনচিপি নেতাজনে পুনৰ ঘূৰাই পাইছে হাজাৰ হাজাৰ কোটিৰ বেনামী সম্পত্তি। ২০২১ চনত আয়কৰ বিভাগে পাৱাৰৰ ১০০০ কোটিৰো অধিক মূল্যৰ সম্পত্তি জব্দ কৰিছিল। দিনদিয়েক পূৰ্বে পুনৰ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা অজিত পাৱাৰ আৰু তেওঁৰ পৰিয়ালৰ বেনামীৰ মালিকীস্বত্বৰ অভিযোগ শুকুৰবাৰে আয়কৰ ন্যায়াধিকৰণে খাৰিজ কৰাৰ পিছতে এই সম্পত্তি ঘূৰাই দিয়া হয়।

দেৱেন্দ্ৰ ফড়নবিছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ এদিন পিছতে এই ৰায়দান লাভ কৰাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখ্য যে, ২০২১ চনৰ ৭ অক্টোবৰত এনচিপিৰ নেতাগৰাকী আৰু তেওঁৰ পৰিয়ালক লৈ কেইবাটাও স্থানত আয়কৰ বিভাগে তেওঁৰ বিৰুদ্ধে বেনামী সম্পত্তি থকাৰ অভিযোগত অভিযান চলাইছিল।

এই গোচৰটোত কেইবাটাও সম্পত্তি সংলগ্ন কৰা হৈছিল, য’ত আছিল ছতৰাৰ এটা চেনি কাৰখানা, দিল্লীৰ এটা ফ্লেট আৰু গোৱাৰ ৰিজ’ৰ্ট। সেই সময়ত আয়কৰ বিভাগে পাৱাৰৰ ৫০০ কোটি টকাৰ ২৭টা ভূমিৰ প্লটো জব্দ কৰিছিল। তদন্তত প্ৰকাশ পাইছে যে অজিত পাৱাৰৰ নামত কোনো সম্পত্তি পঞ্জীয়ন কৰা হোৱা নাই। পৰ্যাপ্ত প্ৰমাণৰ অভাৱত এই অভিযোগ নাকচ কৰে ন্যায়াধিকৰণে।

ন্যায়াধিকৰণে কয় যে অজিত পাৱাৰ বা তেওঁৰ পৰিয়ালে বেনামী সম্পত্তি অধিগ্ৰহণৰ বাবে ধন হস্তান্তৰ কৰা বুলি কোনো প্ৰমাণ পোৱা নাই। ৰাজনীতিবিদগৰাকী আৰু তেওঁৰ পৰিয়ালৰ হৈ অধিবক্তা প্ৰশান্ত পাটিলে কয় যে অভিযোগৰ কোনো আইনী স্থিতি নাই আৰু পৰিয়ালটোৱে কোনো ভুল কৰা নাই। সম্পত্তি অধিগ্ৰহণৰ লেনদেন বেংকিং ব্যৱস্থাকে ধৰি আইনী মাধ্যমেৰে কৰা বুলি দাবী কৰি তেওঁ কয় যে ৰেকৰ্ডত অনিয়ম ধৰা পৰা নাই। ইফালে, ১০০০ কোটি ঘূৰাই পোৱাৰ পিছতে সৰৱ হৈছে বিৰোধী। শিৱসেনাৰ উদ্ধৱ গোটৰ নেতাই অজিত পাৱাৰে বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই পৰিস্কাৰ হ'ল বুলি কটাক্ষ কৰিছে।

মহাৰাষ্ট্ৰ