'অপাৰেচন সিন্দুৰ'ৰ পাছত কি? প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা...

সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ ওপৰত যুদ্ধ আৰম্ভ কৰিলে ভাৰতে। ৯টাকৈ মিছাইলে ভাৰতে কৰা এই আক্ৰমণত ৯০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ

author-image
Asomiya Pratidin
New Update
fffff

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ ওপৰত যুদ্ধ আৰম্ভ কৰিলে ভাৰতে। ৯টাকৈ মিছাইলে ভাৰতে কৰা এই আক্ৰমণত ৯০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। যুদ্ধৰ এই পৰিস্থিতিৰ মাজতে বুধবাৰে পুৱাই প্ৰধানমন্ত্ৰীক সাক্ষাত কৰিবলৈ প্ৰধানমন্ত্ৰী বাসভৱনত উপস্থিত হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল।

Advertisment

অপাৰেচন সিন্দুৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক পুংখানুপুংখভাৱে জনাব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে। লগতে চৰ্চা চলিছে যে, এই সাক্ষাতত আগন্তক সময়ত যুদ্ধৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিব অজিত দোভাল আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে।

শেহতীয়া পৰিস্থিতিলৈ চাই এই যুদ্ধকালীন পৰিস্থিতি যে দীৰ্ঘম্যাদী হব সেয়া নিশ্চিত হৈছে।  পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দুৰৰ পাছতে আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ অজিত দোভালে ভাৰতীয় সেনাৰ ৰণনীতি অৱগত কৰিব প্ৰধানমন্ত্ৰীক।

মুঠৰ ওপৰত পেহেলগামৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতে পাকিস্তানক দিবলৈ সকলো প্ৰকাৰে সাজু হৈছে। 

ভাৰত-পাকিস্তান