ডিজিটেল ডেস্কঃ হিন্দী ছবিজগতৰ প্ৰথমগৰাকী ছুপাৰ ষ্টাৰ ৰাজেশ খান্নাই মৃত্যুৰ এদিনৰ পূৰ্বে তেওঁৰ সকলো সম্পত্তি পত্নীৰ পৰিৱৰ্তে দুই কন্যাৰ নামত লিখি থৈ গৈছিল। পত্নী ডিম্পল কাবাডিয়াৰ সলনি ৰাজেশ খান্নাৰ প্ৰায় ৬০০কোটি টকাৰ সা-সম্পত্তিৰ গৰাকী হৈছিল কন্যা টুইংকল খান্না আৰু ৰিংকী খান্নাৰ নামত।
সেই সময়ত ৰাষ্ট্ৰীয় সংবাদমাধ্যমে সদৰি কৰা খবৰ অনুসৰি, মৃত্যুৰ এদিনৰ পূৰ্বে ৰাজেশ খান্নাই তেওঁৰ সকলো সম্পত্তিৰ অধিকাৰী কৰিছিল দুই কন্য়াক। উল্লেখ্য যে, ২০১২চনৰ ১৮জুলাইত ৬৯বছৰ বয়সত মৃত্যু হৈছিল ৰাজেশ খান্নাৰ।
ডিম্পল কাবাডিয়াৰ সৈতে ৰাজেশ খান্নাৰ বিয়া হৈছিল যদিও তেওঁলোকৰ সংসাৰ বৰ সুখকৰ নাছিল। ৰাজেশ খান্নাৰ মৃত্যুৰ সময়তো তেওঁৰ সৈতে নাছিল ডিম্পল কাবাডিয়া। পত্নী ডিম্পলৰ পৰিৱৰ্তে তেওঁৰ কাষত দেখা গৈছিল অঞ্জু মেহেন্দুক।
মৃত্যুৰ এৰাতিৰ পূৰ্বে ৰাজেশ খান্নাই প্ৰায় ৬০০কোটি টকাৰ সম্পত্তি কন্যাৰ নামত লিখি দিয়াৰ সময়ত হস্পাতালত দুই কন্যাৰ লগতে উপস্থিত ডাঙৰ জোঁৱাই অক্ষয় কুমাৰো।