বেকাজানত বিত্তমন্ত্ৰী অজন্তা নেওগৰ দুখনকৈ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভা...

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বেকাজান পঞ্চায়তত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিত্তমন্ত্ৰী গৰাকীয়ে পুৱা দহ বজাত বেকাজান

author-image
Asomiya Pratidin
New Update
ikikিিিিিি

ডিজিটেল সংবাদ, বেকাজানঃ  বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বেকাজান পঞ্চায়তত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিত্তমন্ত্ৰী গৰাকীয়ে পুৱা দহ বজাত বেকাজান পঞ্চায়তৰ খ অংশৰ  ১১ নং ব্লকৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি দলীয় প্ৰাৰ্থীসকলক ৰাইজৰ আগত চিনাকি কৰাই দিয়ে।

Advertisment

ইয়াৰ পিছত বেকাজান পঞ্চায়তৰ খ অংশৰ বালিজান মিছিং গাঁৱৰ মুৰং ঘৰত আন এখন দলীয় সভাত  দলীয় অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মীসকলক নিজ নিজ ৱাৰ্ডৰ প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ আহবান জনায়। মন্ত্ৰী গৰাকীয়ে কয় যদি বেকাজানৰ ৰাইজে দহটা ৱাৰ্ডৰ দহজন সদস্যকে  জয়ী কৰাব পাৰে তেনেহলে অহা ছমাহৰ ভিতৰত বেকাজান পঞ্চায়তৰ  উন্নয়নমূলক কাম আৰম্ভ কৰি গোলাঘাট সমষ্টিৰ ভিতৰতে জাকত জিলাক কৰি তুলিব।

তেওঁ কয় যে বিগত লোকসভা নিৰ্বাচনত বেকাজানৰ ৰাইজে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক ভোট নিদিলে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেকাজানৰ বেয়া পাইছে। গতিকে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত দহটা ৱাৰ্ডৰ ভিতৰত দহটাতে বিজেপিৰ প্ৰাৰ্থী জয়ী কৰাবলৈ আহবান জনায়।

সভাত  কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,  গোলাঘাট জিলাৰ বিজেপিৰ উপসভাপতি পোনা বৰা ,আঠখেলীয়া মণ্ডলৰ সভাপতি দেৱজিত সন্দিকৈ উপস্থিত থাকে। উল্লেখযোগ্য যে অলপতে অৰণোদয় হিতাধিকাৰীৰ তালিকাৰ পুনৰ নিৰীক্ষণ নামত বেকাজান পঞ্চায়তত যধে মধে বহু দৰিদ্ৰ মহিলাৰ নাম কৰ্তন আঁচনিখন সম্পূৰ্ণ বিজেপিকৰণ কৰাৰ ফলত  তীব্ৰ ক্ষোভ আছে। সেয়ে আজিৰ সভাত বিত্তমন্ত্ৰী অজন্তা নেওগ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ পাছতো তেনেকৈ সেৰেঙা উপস্থিত আছিল। 

অজন্তা নেওঁগ