Advertisment

মানকাচৰৰ কালাপানীত এআইইউডিএফৰ কৰ্মী সভা অনুষ্ঠিত....

২ নং কালাপানী জিলা পৰিষদ এলেকাত দলৰ ভেটি শক্তিশালী কৰি বিধায়ক পত্নী মেৰিনা খানক পুনৰ জিলা পৰিসদৰ সভানেত্ৰী পতাৰ আশাৰে কৰ্মী সভাখন অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  মানকাচৰৰ কালাপানীত এআইইউডিএফে এক কৰ্মী সভা অনুষ্ঠিত কৰে । আজমলক প্ৰত্যাখান কৰা মানকাচৰত পুনৰ ভেটি শক্তিশালী কৰাৰ চেষ্টা বিধায়ক আমিনুল ইছলামৰ ।

Advertisment

পঞ্চায়ত নিৰ্বাচনৰ দিন পিছুৱাই দিলেও মানকাচৰত প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে নিজৰ প্ৰচাৰ বন্ধ কৰা নাই। বৃহস্পতিবাৰে বিয়লি মানকাচৰৰ কালাপানীত এআইইউডিএফৰ এক বিশাল কৰ্মীসভা অনুষ্ঠিত কৰা হয়। মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মেৰিনা খানসহ এআইইউডিএফৰ কেইবাগৰাকীও কেন্দ্ৰীয় পৰ্যায়ৰ নেতা কৰ্মীসভাখনত উপস্থিত থাকে। 

২ নং কালাপানী জিলা পৰিষদ এলেকাত দলৰ ভেটি শক্তিশালী কৰি বিধায়ক পত্নী মেৰিনা খানক পুনৰ জিলা পৰিসদৰ সভানেত্ৰী পতাৰ আশাৰে কৰ্মী সভাখন অনুষ্ঠিত কৰা হয়। শেহতীয়াকৈ লোকসভা নিৰ্বাচনত মানকাচৰ সমষ্টিৰ পৰা বদৰুদ্দিন আজমলক ৰাইজে প্ৰত্যাখান কৰাত কংগ্ৰেছ-অগপতকৈ বহু পৰিমানে কম ভোট লাভ কৰিছিল। 
দলৰ এনে অৱস্থাৰ ফলত বিগত প্ৰায় ৬ মাহে এআইইউডিএফে সমষ্টিটোত বিশাল কৰ্মীসভা আয়োজন কৰিবলৈ এক প্ৰকাৰ সাহস পোৱা নাছিল যদিও বৃহস্পতিবাৰে কালাপানীত আয়োজন কৰা কৰ্মী সভাখনত বৃহত সংখ্যক লোকৰ সমাগম হোৱাত এআইইউডিএফৰ নেতা কৰ্মীৰ মনোবল পুনৰ বৃদ্ধি পায় । কালাপানী জিলা পৰিষদ এলেকাত বিধায়ক পত্নী মেৰিনা খান এআইইউডিএফৰ একমাত্ৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী । 

এইফালে এআইইউডিএফৰ উক্ত বিশাল কৰ্মী সভাৰ পাছতেই আজি দিনৰ দুই বজাত কালাপানীত কংগ্ৰেছৰো এক বিশাল জনসভাৰ আয়োজন কৰা হয়। 

 

মানকাচৰ