উচ্ছেদ বন্ধ কৰাৰ দাবী, ধুবুৰীত এআইইউডিএফৰ বিধায়িনী দল

গৰু, গাহৰিৰ ৰাজনীতি এৰি উন্নয়নৰ ৰাজনীতি কৰিব লাগে।  সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা ৰাজ্যৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। গো মাংসৰ গইনা লৈ কেৱল এটা জাতিক চৰকাৰে উচ্ছেদ কৰি আছে

author-image
Asomiya Pratidin
New Update
ধুবুৰীত এআইইউডিএফৰ বিধায়িনী দল

ধুবুৰীত এআইইউডিএফৰ বিধায়িনী দল

ডিজিটেল সংবাদ, ধুবুৰীঃ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হল এআইইউডিএফ। "গৰু, গাহৰিৰ ৰাজনীতি এৰি উন্নয়নৰ ৰাজনীতি কৰিব লাগে।  সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা ৰাজ্যৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। গো মাংসৰ গইনা লৈ কেৱল এটা জাতিক চৰকাৰে উচ্ছেদ কৰি  আছে" বুলি  অভিযোগ উত্থাপন কৰে দলটোৱে।

Advertisment

উল্লেখ্য যে, ধুবুৰীৰ পৰিস্থিতিৰ বুজ লবলৈ শুকুৰবাৰে ধুবুৰীত এ আই ইউ ডি এফৰ বিধায়িনী দল এটি উপস্থিত হয়। জ্যেষ্ঠ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীৰ নেতৃত্বত ছয় জনীয়া বিধায়িনী দলটো বৃহস্পতিবাৰে গোৱালপাৰাৰ উচ্ছেদিত পৰিয়ালৰ বুজ লোৱাৰ পিছত আজি দলটো ধুবুৰীত উপস্থিত হয়। হিংসা জৰ্জৰ পৰিস্থিতিৰ মাজতে প্ৰশাসনৰ দ্বাৰা উচ্ছেদিত ধুবুৰীৰ চাৰিখন পাৰঘাট আৰু বজাৰৰ বুজ লৈ চৰকাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰীক তীব্র ভাষাৰে সমালোচনা কৰে দলটোৰ ধুবুৰীৰ বিধায়ক নজৰুল হক, বিধায়ক আমিনুল ইছলাম আৰু হাফিজ ৰফিকুল ইছলামে। 

এ আই ইউ ডি এফৰ বিধায়িনী দলটোত আছিল হাফিজ বছিৰ আহমেদ কাছিমী, বিধায়ক নজৰুল হক, বিধায়ক আমিনুল ইছলাম, হাফিজ ৰফিকুল ইছলাম, ছামছুল হুদা আৰু নিজানুৰ ৰহমান। বিধায়িনী দলটোৱে উচ্ছেদিত লোক সকলৰ বুজ লৈ জিলা প্ৰশাসন আৰু জিলা আৰক্ষী প্ৰশাসনৰ সৈতে ধুবুৰীৰ সামগ্ৰিক পৰিস্থিতিক লৈ আলোচনাত মিলিত হয়।

লক্ষণীয় বিষয় যে, যোৱা কেইবা দিন ধৰি গো মাংসক কেন্দ্ৰ কৰি ধুবুৰীত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈ আছিল। তেনে সময়তে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা প্ৰশাসনে ধুবুৰীৰ চাৰিখনকৈ পাৰঘাট আৰু বজাৰত উচ্ছেদ কৰিছিল। তাৰোপৰি পাৰ ঘাট কেইখন বেৰিগেট লগাই ৰাইজৰ যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত কৰি দিয়ে। উক্ত ঘটনাক কেন্দ্ৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আজি এ আই ইউ ডি এফৰ বিধায়িনী দলটো ধুবুৰীত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈ উচ্ছেদ বন্ধ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰে।

ধুবুৰী এআইইউডিএফ