মোবাইলত নেটৱৰ্ক নাথাকিলেও কৰিব পাৰিব ফোন কলঃ কেনেকৈ….

মোবাইলত নেটৱৰ্ক নাথাকিলেও কৰিব পাৰিব ফোন কলঃ কেনেকৈ….

author-image
asomiyapratidin
New Update
মোবাইলত নেটৱৰ্ক নাথাকিলেও কৰিব পাৰিব ফোন কলঃ কেনেকৈ….

ডিজিটেল ডেস্কঃ ভাৰতত উপলব্ধ হৈছে Voice over Wi Fi বা VoWi-Fi। ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ'ই ঘোষণা কৰা অনুসৰি উপভোক্তাসকলে এতিয়াৰে পৰা মোবাইল নেটৱৰ্ক অবিহনেও ফোন কৰিব পাৰিব। এই বিশেষ প্ৰযুক্তি ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশত প্ৰয়োগ হৈছে যদিও প্ৰথম বাৰৰ বাবে ভাৰতৰ উপভোক্তাসকলৰ বাবে এই সুবিধা প্ৰদান কৰিছে জিঅ' আৰু এয়াৰটেলে।

Advertisment

VoWi-Fi হৈছে Wi-Fi সংযোগ ব্যৱহাৰেৰে ফোন কৰিব পৰা এক পদ্ধতি। অৰ্থাৎ যদি আপুনি এনে এটুকুৰা ঠাইত আছে য'ত নেটৱৰ্ক চিগনেল কম বা একেবাৰে পোৱা নাযায়, সেই ঠাইত আপুনি Wi-Fi ব্যৱহাৰ কৰি জৰুৰী ফোন কল কৰিব পাৰে। ভাৰতত এই প্ৰযুক্তি বৰ্তমান লেটেষ্ট এণ্ড্ৰইড আৰু iOS স্মাৰ্টফোনত কেৱল জিঅ' আৰু এয়াৰটেল নেটৱৰ্কতহে উপলব্ধ হৈছে।

কেনেদৰে সক্ৰিয় কৰিব পাৰিব VoWi-Fi

লেটেষ্ট এণ্ড্ৰইড অথবা iOS স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে মোবাইলৰ চেটিংছত গৈ সক্ৰিয় কৰিব পাৰিব VoWi-Fi। তাৰ বাবে আই ফোন ব্যৱহাৰকাৰীয়ে চেটিংছত গৈ মোবাইল ডাটাত ক্লিক কৰিলে Wi-Fi কলিং অপশ্যন পাব আৰু সেয়া সক্ৰিয় কৰিলেই মোবাইলত উপলব্ধ হ'ব VoWi-Fiৰ সুবিধা।

আনহাতে এণ্ড্ৰইড ফোনৰ বিভিন্ন মডেল লৈ ইয়াৰ সক্ৰিয়কৰণ পদ্ধতি পৃথক পৃথক। সাধাৰণতে মোবাইলৰ SIM চেটিংছ আৰু নেটৱৰ্ক চেটিংছতে সক্ৰিয় কৰিব পৰা যাব VoWi-Fi কলিং।

উপভোক্তাই VoWi-Fi কলিং সক্ৰিয় কৰাৰ পিছতে যেতিয়া মোবাইল নেটৱৰ্ক চিগনেল ল' হ'ব বা একেবাৰে নাইকিয়া হ'ব, তেতিয়া মোবাইল ষ্ক্ৰীণত VoWi-Fi চিগনেল প্ৰত্যক্ষ হ'ব। যাৰ জৰিয়তে উপভোক্তাই মোবাইলৰ পৰা সাধাৰণ ফোনকল কৰিবলৈ সক্ষম হ'ব। লক্ষণীয়ভাৱে যদি মোবাইল ফ্লাইট মুডত থাকে, তেন্তে VoWi-Fi কলিঙৰ সুবিধা লাভ কৰিব পৰা নাযাব। এয়াৰটেল আৰু জিঅ'ই জানিবলৈ দিয়া মতে, VoWi-Fi কলিঙৰ বাবে কোনো অতিৰিক্ত চাৰ্জ ভৰিব নালাগে গ্ৰাহকে।