/asomiyapratidin/media/media_files/2025/03/02/ChElS8ueXfVX5MG41xeC.jpg)
ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সুৰক্ষাত সুৰুঙা। শেহতীয়াকৈ আমৰিকাত সংঘটিত হৈছে আকাশী পথ আইন উলংঘনৰ দৰে ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, ফ্লৰিডাস্থিত ট্ৰাম্পৰ বাসগৃহৰ ওপৰৰ আকাশীপথত ৰহস্যজনকভাৱে দেখা হৈছিল তিনিখনকৈ এয়াৰ জেট। এই ঘটনাৰ পাছতে হাঁহাকাৰ লাগে আমেৰিকা প্ৰশাসনত।
ততাতৈয়াকৈ আমেৰিকান সেনাই F-16 জেটেৰে এই তিনিখন এয়াৰ জেটক উক্ত স্থানৰ পৰা খেদি উলিয়াই পঠায়। উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্পৰ বাসগৃহৰ উক্ত আকাশী পথক ন ফ্লাই জন হিচাপে ঘোষণা কৰি থৈছে আমেৰিকান সেনাই। তেনে ক্ষেত্ৰত এনে কাৰ্য সংঘটিত হোৱা উদ্বিগ্ন হৈ পৰিছে আমেৰিকান সেনা।
উল্লেখ কৰা প্ৰয়োজন যে, বিগত এটা মাহৰ ভিতৰত তিনিবাৰকৈ এনে ঘটনা সংঘটিত হৈছে। যোৱা ১৫ফেব্ৰুৱাৰী আৰু ১৭ফেব্ৰুৱাৰীতো সংঘটিত হৈছে অনুৰূপ ঘটনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us