ভয়ংকৰ কূটাঘাতৰ সম্ভাৱনা! দেশৰ সকলো বিমান বন্দৰত কটকটীয়া নিৰাপত্তা...

দেশৰ সকলো বিমান বন্দৰত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰা হৈছে। চোৰাংচোৱাই এই সম্ভাৱনা ব্যক্ত কৰাৰ পাছতে দেশৰ সকলো বিমান বন্দৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। ২০২৫ৰ

author-image
Asomiya Pratidin
New Update
web ap 1 (1)

ডিজিটেল ডেস্কঃ  দেশৰ সকলো বিমান বন্দৰত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰা হৈছে। চোৰাংচোৱাই এই সম্ভাৱনা ব্যক্ত কৰাৰ পাছতে দেশৰ সকলো বিমান বন্দৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। ২০২৫ৰ ২২ছেপ্টেম্বৰৰ পৰা ২অক্টোবৰৰ ভিতৰত দেশৰ যিকোনো বিমান বন্দৰত কূটাঘাতৰ পৰিকল্পনা কৰিছে আততায়ীয়ে।

চোৰাংচোৱাৰ খবৰৰ ভিত্তিত দেশৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নিৰাপত্তা শাখাই দেশৰ সকলো বিমান বন্দৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। বিমান বন্দৰৰ টাৰ্মিনেল,  পাৰ্কিং এলেকাৰ লগতে যাত্ৰীৰ সকলো বয়-বস্তুৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নিৰাপত্তা শাখাই দেশৰ সকলো বিমান বন্দৰৰ সৈতে এক জৰুৰীকালীন বৈঠকৰো আয়োজন কৰিছে। 

বিমান বন্দৰ