পুনৰ কোন কোন চহৰলৈ বাতিল হ'ল বিমান সেৱা?

দেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াই কেৱল মঙলবাৰৰ বাবে শ্ৰীনগৰ, জম্মু, অমৃতসৰ, চণ্ডীগড় আৰু আন তিনিখন সীমান্ত চহৰলৈ অহা-যোৱা কৰা বিমান সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
পুনৰ কোন কোন চহৰলৈ বাতিল হ'ল বিমান সেৱা?

পুনৰ কোন কোন চহৰলৈ বাতিল হ'ল বিমান সেৱা?

ডিজিটেল ডেস্ক : মঙলবাৰে পুনৰ বাতিল কৰা হ'ল কেইবাখনো ঘৰুৱা বিমান। দেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াই কেৱল মঙলবাৰৰ বাবে শ্ৰীনগৰ, জম্মু, অমৃতসৰ, চণ্ডীগড় আৰু আন তিনিখন সীমান্ত চহৰলৈ অহা-যোৱা কৰা বিমান সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰিছে। এক্সৰ জৰিয়তে এই কথা জানিবলৈ দিছে ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই।  "আপোনালোকৰ সুৰক্ষাই আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ” বুলি উল্লেখ কৰিছে ইণ্ডিগ’ৱে।

এয়াৰ ইণ্ডিয়াই জম্মু, লেহ, যোধপুৰ, অমৃতসৰ, ভুজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোটলৈ অহা-যোৱা কৰা বিমান যাত্ৰা বাতিল কৰা বুলি জানিবলৈ দিয়ে।  ইফালে ইণ্ডিগ’ই জম্মু, অমৃতসৰ, চণ্ডীগড়, লেহ, শ্ৰীনগৰ আৰু ৰাজকোটলৈ অহা-যোৱা কৰা বিমান সেৱা বাতিল কৰে। 

"ইয়াৰ দ্বাৰা আপোনাৰ ভ্ৰমণ পৰিকল্পনাত প্ৰভাৱ পৰিব। আমাৰ দলে পৰিস্থিতি অতি গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰি আছে। অতি সোনকালে আপোনাক এটা আপডেট দিয়া হ'ব" বুলিও উল্লেখ কৰিছে ইণ্ডিগ’ কৰ্তৃপক্ষই ।

বিমান সেৱা বিমান পৰিবহন বিমান বন্দৰ ইণ্ডিগ' বিমান