বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত, দুজন পাইলট নিহত….

বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত, দুজন পাইলট নিহত….

author-image
asomiyapratidin
New Update
বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত, দুজন পাইলট নিহত….

ডিজিটেল ডেস্ক :  বৃহস্পতি বাৰে নিশা ৯.১০ বজাত ৰাজস্তানৰ বাৰমেৰত ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ।  দুৰ্ঘটনাটোৰ ফলত বিমানখনৰ দুজন পাইলট নিহত হয় । ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলিত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই ।

Advertisment

 এই সন্দৰ্ভত বায়ুসেনাৰ তৰফৰ পৰা কয় যে , "ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২১ বিমান প্ৰশিক্ষণৰ বাবে উত্তৰলাই বিমান বন্দৰৰ পৰা উৰা মাৰিছিল । নিশা প্ৰায় ৯.১০ বজাত বিমানখন  ৰাজস্তানৰ বাৰমেৰত দুৰ্ঘটনাগ্ৰস্ত হয় ।"

দুৰ্ঘটনাটোত নিহত হোৱা পাইলট সকলৰ পৰিয়াললৈ বায়ুসেনাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহত পৰিয়াল কেইটাৰ লগত থকাৰ কথা ঘোষণা কৰিছে । দুৰ্ঘটনাটোৰ কাৰণ জানিবৰ বাবে বায়ুসেনাৰ তৰফৰ পৰা তদন্তৰ ঘোষণা কৰিছে ।

উল্লেখ্য যে , ১৯৬০ দশকত ভাৰত-চীন যুদ্ধৰ পিছত এই যুঁজাৰু বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল । পৰবৰ্তী পৰ্যায়ত ২০০৬ চনত এই যুঁজাৰু বিমানক মিগ-২১ লৈ উন্নিত কৰা হৈছিল ।  

আৰু পঢ়ক : যুৱ অলিম্পিক-২০২২ত স্বৰ্ণ পদক প্ৰাপক ঘিলামৰাৰ ইন্দিবৰক বিপুল আদৰণি

airforce rajasthan mig-21