২১ জনুৰ পৰা ১৫ জুলাইলৈ সপ্তাহত ৩৮ খনকৈ আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰিব এয়াৰ ইণ্ডিয়াই

২১ জুনৰ পৰা ১৫ জুলাই ২০২৫ লৈকে এয়াৰ ইণ্ডিয়াই সপ্তাহত ৩৮ টা আন্তঃৰাষ্ট্ৰীয় উৰণ বাতিল কৰাৰ লগতে তিনিটা বিদেশী পথৰ সেৱা সাময়িকভাৱে সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
air india

ডিজিটেল ডেস্কঃ ২১ জুনৰ পৰা ১৫ জুলাই ২০২৫ লৈকে এয়াৰ ইণ্ডিয়াই সপ্তাহত ৩৮ টা আন্তঃৰাষ্ট্ৰীয় উৰণ বাতিল কৰাৰ লগতে তিনিটা বিদেশী পথৰ সেৱা সাময়িকভাৱে সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। শেষ মুহূৰ্তত যাত্ৰীৰ অসুবিধা হ্ৰাস কৰিবলৈ এয়াৰ ইণ্ডিয়াই পূৰ্বেই তেওঁলোকৰ যাত্ৰাৰ সময়সূচী পৰিবৰ্তন কৰাৰ এই সিদ্ধান্ত আগতীয়াকৈ ঘোষণা কৰিছে। 

এয়াৰ ইণ্ডিয়াৰ বিবৃতি

এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, অহা ২১ জুনৰ পৰা অন্ততঃ ১৫ জুলাইলৈকে ৩৮ টা আন্তঃৰাষ্ট্ৰীয় বিমান উৰণ বাতিল কৰা হৈছে। এই সময়ছোৱাত সম্পূৰ্ণৰূপে বিমান সেৱা বন্ধ থাকিবলগীয়া তিনিটা পথ হৈছে ক্ৰমে বৰ্তমান সপ্তাহে ৪ খনকৈ বিমান চলা দিল্লী-নাইৰোবি, সপ্তাহত ৩ খন বিমান চলা অমৃতসৰ-লণ্ডন (গেটউইক) আৰু সপ্তাহত ৩ খন বিমান চলা গোৱা (মোপা)-লণ্ডন (গেটউইক)।

হ্ৰাস পাব ১৮ টা পথত এয়াৰ ইণ্ডিয়াৰ উৰণ

এয়াৰ ইণ্ডিয়াই উত্তৰ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু ফাৰ ইষ্ট অভিমুখী ১৮ টা পথত তেওঁলোকৰ বিমান উৰণৰ সংখ্যা হ্ৰাস কৰিব বুলি জানিবলৈ দিছে। বিশেষকৈ উত্তৰ আমেৰিকাৰ দিল্লী–টোৰণ্টো, দিল্লী–ভেংকুভাৰ, দিল্লী–ছান ফ্ৰানচিছকো, দিল্লী–চিকাগো, দিল্লী–ৱাছিংটনৰ মাজৰ বিমান সেৱা হ্ৰাস কৰা হৈছে। 

দুটা মূল কাৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ

সংস্থাটোৱে এই সিদ্ধান্তৰ কাৰণ হিচাপে দুটা মুখ্য বিষয় উল্লেখ কৰিছে। সেই দুটা হৈছে উৰণৰ পূৰ্বে সুৰক্ষা পৰীক্ষা অধিক কঠোৰভাৱে আৰু স্বেচ্ছাই সম্পাদনা কৰা সিদ্ধান্ত। মধ্যপ্ৰাচ্যৰ বহু অংশত বিমান চলাচল নিষিদ্ধ থকাৰ বাবেও বিমানৰ যাত্ৰাৰ সময়সীমা বৃদ্ধি পাইছে। যাৰ বাবে বিমান উৰণৰ সূচীত বহু সাল-সলনি কৰিবলগীয়া হৈছে। 

এয়াৰ ইণ্ডিয়া