কাৰ ভুলৰ বাবে সংঘটিত হৈছিল আহমেদাবাদৰ বিমান দুৰ্ঘটনা?

১২ জুনত আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ তদন্তৰ ১৫ পৃষ্ঠাজোৰা প্ৰতিবেদন অৱশেষত দাখিল কৰা হল। ভাৰতীয় বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে দাখিল কৰা এই প্রতিবেদনত উন্মোচিত হৈছে বহু কেইটা চাঞ্চল্যকৰ তথ্য।

author-image
Asomiya Pratidin
New Update
BJJJ

ডিজিটেল ডেস্কঃ ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ তদন্তৰ ১৫ পৃষ্ঠাজোৰা প্ৰতিবেদন অৱশেষত দাখিল কৰা হল। ভাৰতীয় বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে দাখিল কৰা এই প্রতিবেদনত উন্মোচিত হৈছে বহু কেইটা চাঞ্চল্যকৰ তথ্য।

Advertisment

প্ৰতিবেদন অনুসৰি ১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ বিমানখনৰ উৰণৰ ৩২ ছেকেণ্ডৰ পাছতে স্বয়ংক্ৰিয়ভাৱে দুয়োটা ইঞ্জিন বন্ধ হৈছিল। এএআইবিৰ প্ৰতিবেদন মতে, বিমানখনে সঠিকভাৱে উৰা মাৰিছিল। এই প্ৰতিবেদনত বিমানখনৰ দুয়োজন পাইলট সুমিত সভাৰৱাল আৰু সহ-পাইলট ক্লাইভ কুণ্ডাৰৰ মাজত হোৱা কথা-বতৰাও পোহৰলৈ আহিছে।

ককপিটৰ ৰেকৰ্ডিং অনুসৰি,
প্ৰথম পাইলট: “আপুনি চুইচটো কিয় বন্ধ কৰি দিলে?”
দ্বিতীয় পাইলট: “মই কৰা নাছিলো।”

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি এয়া কাৰিকৰী দোষ হ’ব পাৰে। অৱশ্যে মানুহৰ ভুলৰ সম্ভাৱনাও আছে। বিমান দুৰ্ঘটনা সন্দৰ্ভত বিতং তদন্ত এতিয়াও অব্যাহত আছে। বৰ্তমান দুয়োটা ইঞ্জিন কেনেকৈ নিজাববীয়াকৈ বন্ধ হৈ যায় তাৰ তদন্ত চলি আছে।

বিমান দুৰ্ঘটনা আহমেদাবাদ